Alien:✒️ভিনগ্রহী বা এলিয়েনৰ লগত পৃথিবীবাসীৰ যোগাযোগ এতিয়াও কল্পবিজ্ঞানতে আবদ্ধ হৈ আছে। এই পর্যন্ত বাস্তৱত তেনেকুৱা ঘটিছে বুলি কোনো প্রমাণ নাই; কিন্তু ইমান বিশাল বিশ্ব ব্রহ্মাণ্ডতো একেডাল সূতাবে বন্ধা। কিবা প্ৰকাৰেতো সংযোগ আছেই।
সেয়ে বাস্তব প্রমাণ নাথাকিলেও বিজ্ঞানীসকলে আশংকা কৰিছে যে এলিয়েন বা ভিনগ্রহৰ প্ৰাণীবোৰে সংকেত ভালদৰে বুজি লৈ আমাৰ কথা কাণ পাতি শুনি আছে। সম্প্রতি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেট প্রপালচন লেবৰেটৰীৰ স’তে পেনছিলভেনিয়া স্টেট ইউনিভাৰছিটিৰ যৌথ গৱেষণাৰ পৰা বিজ্ঞানীসকলে দাবী কৰিছে যে কৃত্রিম উপগ্রহলৈ প্ৰেৰণ কৰা কিছু কিছু সংকেত হেনো হেৰাই গৈছে।
সেইবোৰ মহাশূন্যত ভাঁহি গুচি গৈছে অনন্তলৈ আৰু এইবোৰ কাম হেনো এলিয়েনবোৰৰে। তেওঁলোকে ‘চুৰি’ কৰি পৃথিৱীবাসীৰ গোপন বার্তা পঢ়ি আছে।আমেৰিকাৰ জ্যোতির্বিজ্ঞানৰ ছাত্র পিনছেন ফেনে কয়, ‘মানুহেতো ভিনগ্রহ বিশেষকৈ মঙলক লৈ গৱেষণা কৰি আছে। অর্থাৎ আমিও ভিনগ্রহীসকললৈ বার্তা পঠাব বিচাৰিছো; কিন্তু সম্প্রতি দেখা গৈছে যে মঙললৈ প্ৰেৰণ কৰা আমাৰ সকলো বার্তা তাত পোৱাগৈ নাই।কোনো এক সুদূৰৰ যানে সেইবোৰ আবদ্ধ কৰিছে। এয়া তেতিয়াই সম্ভৱ, যেতিয়া কোনো পৃথিৱীৰ তথা সৌৰজগতৰ বাহিৰৰ কিবা বস্তু এটা সূত্রত বন্ধা থাকে। লগতে ইয়েই আমাক ভাবিবলৈ বাধ্য কৰাইছে যে হয়তো পৃথিৱীৰ ওচৰে-পাজৰেই এনে কোনো ভিনগ্রহ আছে, যাৰ বাসিন্দাই আমাৰ বিভিন্ন সংকেত কাণ পাতি শুনি আছে তথা বুজিব বিচাৰিছে।’
বিজ্ঞানীসকলে জনাইছে যে পৃথিৱীৰ একেবাৰে ওচৰতে থকা কোনো শক্তিশালী ভিনগ্ৰহৰ বাসিন্দাসকলেই নিজৰ বুদ্ধিৰ বলত সেইবোৰ সংকেত বুজিব বিচাৰিছে। বিপৰীতে পৃথিবীবাসীয়েও তেওঁলোকৰ বাবে কিছু কিছু সংকেত প্ৰেৰণ কৰি আছে। নাছা আৰু পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে জনাইছে যে অন্ততঃ ২০ বছৰ ধৰি ভিনগ্রহী বা এলিয়েনসকলৰে যোগাযোগৰ চেষ্টা অব্যাহত আছে। বিশেষকৈ প্রতিবেশী মণ্ডলৰ বাসিন্দা কোন, সেই বিষয়ত আমাৰ আগ্রহ বেছি।
পৃথিৱী আৰু মঙলৰ অৱস্থানগত সাদৃশ্যৰ কাৰণে তাৰ পৰা উভয় গ্ৰহৰ মাজত সংকেত বিনিময়ৰ বিষয়টোক লৈ গবেষণা চলি আছে। গৱেষক ফেনৰ মতে, ভিন্ন সৌৰজগতৰ স’তে এই ধৰণৰ আদান-প্রদানৰ বিষয়টো অত্যন্ত কঠিন।






























