অসমত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ দৰে অভিলাষি আঁচনি ৰূপায়ন কৰিব পৰাটো ডাঙৰ সাফল্য বুলি কয়। লগতে দ্বিতীয় বাৰৰ বাবে অসমত সফল ভাবে ADRE পৰীক্ষা ফলাফল দিয়া লগতে কাইলৈ আৰক্ষী কনিষ্টবল ফলাফল ঘোষণা হ’ব বুলি কৈ এক লাখ চাকৰি প্ৰতিশ্ৰুতি দি দুই লাখলৈ ধাবমান হোৱা বুলি কয়।
কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, দুখীয়া মানুহক মিঠাতেল দিয়া বিষয়টো লৈ কংগ্ৰেছৰ সমালোচনা কৰা অধিকাৰ নাই। কংগ্ৰেছৰ মানুহে মিঠাতেলৰ ভেলু নাজানে।কাৰণ গৌৰৱ গগৈৰ দুয়োটা ল’ৰা ব্ৰিটিছ । তাত মিঠাতেল চিনি নাপাই। চান ফ্লাৱাৰ বুলি ক’লেহে বুজিলে হয় বুলি কৈ কংগ্ৰেছৰ মানুহে এতিয়াও ইংৰাজী শাসনৰ তলতে থাকিব বিচাৰে বুলি কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া লগত কংগ্ৰেছৰ কোনো আগ্ৰহ নাই। আগ্ৰহ থকা হ’লে মোক লগ কৰি তদন্ত ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ প্ৰদান কৰিলে হয় বুলি কৈ তেওঁ লোকে এইদৰেই নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰিম বুলি ভাবিছে। এইয়া মূৰ্খৰ স্বৰ্গত বাস কৰা দৰে ভাবিছে তেওঁ লোকে।
আনহাতে মুখ্যমন্ত্ৰীৰ সম্পত্তি বিষয়ে সোধাত খঙ উঠিল মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি কথা সোধাত উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে






























