Gaurav Gogoi:✒️ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বৃহস্পতিবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এক অনুষ্ঠানত বিজেপিকে ধৰি আন বহুকেইটা দল-সংগঠনৰ নেতা-কর্মীয়ে বিৰোধী দলটোত যোগ দিয়ে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি আৰম্ভ হোৱা এই যোগদান কার্যসূচীত প্রাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰ আৰ্কাশিস চলিহা, বিজেপিৰ প্ৰাক্তন বিধায়ক কার্তিক সেনা সিনহা, ড° অমিত কুমাৰ কালৱাৰ, শদিয়া সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্রধান, বিজেপি নেতা বাটাছ ওৰাং, এনপিপিৰ কাৰ্যনিৰ্বাহক সদস্য নিহাৰৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৱজ্যোতি কোঁৱৰ আদিয়ে কংগ্ৰেছত যোগদান কৰে।
প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে প্রতিজন নেতা-কর্মীক দললৈ আদৰণি জনাই তৰুণ গগৈ চৰকাৰৰ দিনৰ ‘ৰাইজৰ পদূলিত, ৰাইজৰ চৰকাৰ’ শীর্ষক কাৰ্যসূচীৰ দৰেই কংগ্ৰেছে ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ শীর্ষক কাৰ্যসূচী শীঘ্ৰে ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয়, ‘শীঘ্রেই এক নতুন যাত্ৰা আৰম্ভ হ’ব আৰু প্রয়াত তৰুণ গগৈয়ে দেখুৱাই যোৱা বাটেৰে আগন্তুক দিনত কংগ্রেছ আগুৱাই যাব।’
কংগ্রেছ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ৰাইজৰ কাষলৈ যাব বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘আমি ৰাইজৰ সমস্যা সমাধান কৰিব খোজো, ল’ৰা-ছোৱালীৰ ভবিষ্যৎ উজ্জ্বল কৰিব বিচাৰিছো। আমি ৰাইজৰ বাবে কষ্ট কৰিব খোজো, ত্যাগ আৰু বলিদান দিব খোজো।’
কংগ্ৰেছৰ নেতাসকল ৰাইজৰ মাজলৈ যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয় যে বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সভাপতি ভূপেন বৰাই ৰাইজৰ মাজলৈ গৈ জনতাৰ মূল সমস্যাৰ বুজ ল’ব।
বিশেষকৈ নাৰীসকলৰ সমস্যা প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে বিভিন্ন ঠাইলৈ গৈ বুজ ল’ব। সেৱা দলৰ সভাপতি দীপ বায়ন আদিয়েও ৰাইজৰ মাজলৈ গৈ সমস্যাৰ বুজ ল’ব। এক কথাত কংগ্রেছে নতুন এক যাত্ৰা আৰম্ভ কৰিব আৰু সেই যাত্ৰা হ’ব ‘ৰাইজৰ পদুলিত, ৰাইজৰ কংগ্ৰেছ।’
ইফালে, প্রসংগত প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘আজি আমাৰ হাতত ক্ষমতা নাই; কিন্তু ক্ষমতা আমাৰ পৰা বেছি দূৰত নাই।’ তেওঁ কয় যে ৰাজ্যখনত আজি ঋণৰ বোজা বাঢ়িছে। ঋণৰ বোজা কিদৰে হ্ৰাস কৰিব পাৰি, নিবনুৱা সমস্যা, থলুৱা ঠিকাদাৰ-দোকানী, ক্ষুদ্র উদ্যোগ, সমবায় সংস্থা, কো-অপাৰেটিভ অনুষ্ঠান শক্তিশালী কৰিবলৈ তেওঁলোকে কাম কৰিব লাগিব বুলি কয়।
সভাপতি গগৈয়ে কয়, ‘বিজেপিৰ অপশাসন আৰু বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে ৰাইজৰ স’তে একত্রিতভাবে বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিম আৰু আমি এই যুঁজত জয়ী হ’ম।’ কংগ্রেছলৈ সদায়েই নতুন নতুন শক্তি আহি আছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘এই নতুন শক্তিক লৈ আমি সদায়েই অসমৰ ভবিষ্যৎ ৰচনা কৰিম। আমি আজি যি ৰাজনীতি কৰিছো, সেই ৰাজনীতি ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই। আজি বাইজে ওলাই আহি মৰম আৰু আশীর্বাদ কৰিছে। ৰাইজে বহু আশা কৰিছে কাৰণে আমাক মৰম দিছে। যুৱ প্রজন্মই আমাৰ পৰা কিবা বিচাৰিছে কাৰণে কংগ্ৰেছত যোগ দিছে। বহু আশা লৈ সচেতন নাগৰিকসকল কংগ্ৰেছৰ স’তে জড়িত হৈছে। আমাৰ পৰৱৰ্তী চিন্তা এয়াই হ’ব লাগে যে বৰ্তমানৰ অন্ধকাৰৰ পৰা, অন্যায়-অত্যাচাৰৰ পৰা ৰাইজক, অসমখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি।’
সভাপতি গগৈয়ে কয় যে অসমে জানিব বিচাৰিছে কংগ্ৰেছে কেনেকৈ চৰকাৰ গঠন কৰিব? আর্থিক, সামাজিক, সাংস্কৃতিক, ক্রীড়া জগতক কেনেকৈ আগুৱাই নিব? যদি কংগ্ৰেছে ৰাইজৰ এই আশা পূৰণ কৰিব খোজো, তেন্তে সকলো ৰাইজৰ ওচৰলৈ যাব লাগিব। তেওঁ কয়, ‘আমি ব্যক্তিগত সপোন ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ব্যক্তিগত চিন্তা ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ৰাইজৰ কাষলৈ গৈ, ৰাইজৰ আশা-আকাংক্ষাৰ বুজ লৈ তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিব বিচাৰো।’
একেদৰে যোগদান সভাত ভাষণ প্রদান কৰি প্রাক্তন সভাপতি ভূপেন কুমাৰ বৰাই চৰকাৰৰ মিঠাতেল দিয়াৰ ঘোষণাক সমালোচনা কৰি কয়, ‘ৰাইজে বিজেপিক জনজাতিকৰণৰ আশাত, সংস্থাপনৰ তাগিদাত, মৃত্যু মুখলৈ যোৱা চাহ বাগিচা পুনৰুদ্ধাৰৰ বাবে ভোট দিছিল। মুখ্যমন্ত্ৰীয়ে এই বিষয়বোৰ পাহৰি এতিয়া ৰাইজক কৈছে যে ২০২৬ত বিজেপি জয়ী হ’লে মিঠাতেল দিব।’






























