SIT:
ছিংগাপুৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ৰ ঘটনাৰে সাঙোৰ খোৱা দুই প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰ, তন্ময় ফুকন আজি উপস্থিত হয় চিআইডি হেড কোৱাৰ্টাৰত ৷ উল্লেখ্য যে, ছিংগাপুৰৰ দুই প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ, তন্ময় ফুকন য়ট পাৰ্টীৰ আয়োজনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ৷ তেওঁলোক দুয়ো ছিংগাপুৰৰ অসম এছ’চিয়েশ্যনৰ অগ্ৰণী ব্যক্তি ৷ দুয়োকে এছআইটিৰ ওচৰত হাজিৰ হ’বৰ বাবে নিদিষ্ট দিন নিৰ্ধাৰণ কৰাৰ পিছতো অহা নাছিল I পুনৰ চমন জাৰি কৰাত অৱশেষত আজি আহি উপস্থিত হয় চিআইডি কাৰ্যালয়ত I
ADVERTISEMENT



































