Nalbari:
:অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ ন্যায় নোপোৱা পৰ্যন্ত ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি ৰাজ্যজুৰি শ্যামকাণু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
সেই অনুসৰি জুবিন মৃত্যুত অভিযুক্ত শ্যামকাণু মহন্ত আৰু সিদ্ধাৰ্ৰ শৰ্মাৰ পুত্তলিকা নলবাৰী চহৰৰ ৰাজপথত ৰাজহুৱাকৈ প্ৰতিকী ৰূপত ফাঁচী দিয়ে যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলে ৷
হাতে হাতে ‘জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক ‘শীৰ্ষক প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে যুৱ -ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে ৷
আনহাতে যুৱ- ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰী সকলে জুবিন গাৰ্গক লৈ যাতে কোনোৱে ৰাজনীতি নকৰে তাৰ বাবে শাসক – বিৰোধীক সকিয়াই দিয়াৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জুবিন গাৰ্গৰ” প্ৰকৃত অনুৰাগীক লৈ কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে ।
ADVERTISEMENT



































