Zubeen Garg:
জনতাৰ প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকত মৃয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্য। সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিনে নিশাই জনতাৰ লানী নিচিগা ভীৰ। শিল্পী গৰাকীক অমৰ কৰি ৰাখিবৰ বাবে যেন ৰাজ্য খনৰ চলিছে অঘোষিত প্ৰতিযোগিতা। সেই দৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত সমাগত ২৮আৰু ২৯ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হয়।

কলাইগাঁও আছু,যুৱছাত্ৰ পৰিষদ, পৰিচালনা সমিতি, বিভিন্ন জাতীয় সংগঠন সহযোগত আৰু ৰাইজৰ সহযোগত উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ২৮ অক্টোবৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শিল্পী গৰাকীৰ স্মৃতিত নাহৰপুলি ৰোপন, সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, ভক্তি মুলক গীত পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। আনহাতে ২৯ অক্টোবৰত বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মালা অৰ্পন আৰু স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচীৰ অন্তত ৫ হাজাৰ মহিলাই একেলগে মায়াবিনী গীতটোত কণ্ঠদান কৰিব।
ইতিমধ্যে গীতটোৰ আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। সেই অনুসৰি আজি কলাইগাৱৰ ৰণথলী ষ্টেডিয়ামত প্ৰায় ৫ সহস্ৰাধিক মহিলাই গীতটিৰ পূৰ্ণ পৰ্যায়ৰ আখৰাত অংশ গ্ৰহণ কৰে।



































