শেহতীয়াকৈ লাচিত সেনাৰ নামত ৰাজ্যৰ য’তে ত’তে ধন দাবী কৰা কেতবোৰ ঘটনা সংঘটিত হৈ অহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী :ড:হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷
ADVERTISEMENT
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট ,আৰু তেওঁলোকৰ কাৰ্যকলাপক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ ।আলফাৰ দৰে আমি এদিন হয়তো লাচিত সেনাক নিষিদ্ধ কৰিম।
ড:শৰ্মাই আৰু কয়,ব্যৱসায়ীকসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে, অসমত ব্যৱসায়িক পৰিৱেশ এটা যোৱা দুমাহ একেবাৰে নষ্ট কৰি দিছে । লাচিত সেনাৰ এজনে অসমৰ আই মাতৃসকলক অপমান সূচক মন্তব্য কৰিছিল । আমি আৰক্ষীক কঠোৰ পদক্ষেপ ল’বলৈ নির্দেশ দিছোঁ।






























