Zubeen Garg:✒️’জয় জুবিনদা’ ধ্বনিৰ মাজতে সোণাপুৰত প্রিয়জনৰ সমাধিত দুহাত যোৰ কৰি কান্দি কান্দি ভাগি পৰিছে গৰিমা গাৰ্গ। হুকহুকাই কেৱল কান্দিছে গৰিমাই। স্বামী তথা অসমৰ হিয়াৰ আমঠু জুবিনক হেৰুৱাই গৰিমাৰ এই অসহনীয় বেদনাই উপস্থিতসকলৰ চকু সেমেকাই তোলে। মঙলবাৰে সমাধিত উপস্থিত হোৱা গৰিমাই মাটিত মূৰ থৈ সেৱা জনোৱাৰ পাছত দুহাত যোৰ কৰি কান্দোনত ভাঙি পৰাৰ সময়ত কাষতে আছিল জুবিনৰ ভগ্নী ড° পামী বৰঠাকুৰো।
সোণাপুৰত মঙলবাৰে প্রিয় শিল্পীৰ অতি মৰমৰ নাহৰ পুলিও ৰোপণ কৰে গৰিমাই। কালি বৰখাট-বাৰোৱাৰী দুর্গা পূজা সমিতি, ডিমৰীয়া বিকাশ মঞ্চ, সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিয়ে আয়োজন কৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত প্রস্তাবিত নাহৰ বনৰ পুলি ৰোপণৰে আৰম্ভণি কৰে গৰিমাই। ২৭ নম্বৰ ঘাইপথৰ দাঁতিত বাৰোৱাৰীত নাহৰ পুলি ৰোপণৰ পাছত গৰিমাই কয়, ‘আচলতে জুবিনে কৈছিল যে য’তেই নাহৰ গছ থাকিব তাতেই জুবিন গাৰ্গ থাকিব।
গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া স্থায়ীভাবে থাকিব সকলোৰে মাজত, আপোনালোকৰ মাজত গতিকে আমি সকলোৱে বিচাৰিছো আৰু স্থানীয় ৰাইজৰ স’তেও আলোচনা কৰিছো যে বহুতখিনি নাহৰৰ পুলি এতিয়া গোট খাইছে আৰু আটাইখিনি পুলি জুবিনক্ষেত্ৰত ৰোপণ কৰাটো সম্ভৱ নহয় আৰু অলপ দিনৰ পাছত্রে জুবিনক্ষেত্র নির্মাণ কাৰ্য আৰম্ভহ’ব। গতিকে সেই স্থানত ৰুই দিলে পুলিবোৰ পাছলৈ বেয়া হৈ যাব পাৰে। সেয়ে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি জাগীৰোডলৈ সমগ্র অঞ্চলটো জুবিনৰ নাহৰ বন হওক। নাহৰ বন এখন বৰ ধুনীয়া ঠাই হ’ব বুলি মই ভাবো। নাহৰ বনৰ মাজত জুবিনে বৰ সুখেৰে-আনন্দৰে থাকিব পাৰিব।’ তেওঁ কয়, ‘সোণাপুৰ-পাণবাৰী দুর্গা মন্দিৰ বাবোৱাৰীৰ দুর্গা মন্দিৰৰ সমীপত আমি প্রতীকী হিচাপে কেইজোপামান নাহৰৰ পুলি ৰোপণ কৰিছো। সকলোকে অনুৰোধ জনাওঁ যে সমগ্র অঞ্চলটো, গাঁৱৰ ভিতৰৰ পথবোৰতো নাহৰ গছে যাতে শোভাবর্ধন কৰিব পাৰে। সকলো নাহৰময় হওক। আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণ দিব। গছজোপা ডাঙৰ হওক আৰু সর্বত্র নাহৰময় হৈ নাহৰৰ সুৱাস বিয়পি পৰক, গোটেইখন জুবিনময় হওক। সেয়াই কামনা কৰিছো। জুবিনে বিচৰাৰ দৰে অসমখন সেউজ হওক।
ইপিনে, ‘বৈ বৈ বিনালে’ সন্দৰ্ভত গৰিমাই কয় যে জুবিনৰ সপোন আগুৱাই নিব পৰাটোৱে এটা সুখৰ বিষয়। তেওঁ কয়, ‘জুবিনৰ সপোনক সাকাৰ ৰূপ দিবলৈ আমাৰ সামৰ্থ্যৰে চেষ্টা কৰিছো। সকলোৱে ছবিখন চাবলৈ অপেক্ষা কৰি আছে। জুবিনৰ এইখন শেষ ছবি। সকলোৱে মৰমৰে চাওক।’ এই কথা কৈ আৱেগিক হৈ পৰে গৰিমা। ছবিখনত জুবিনৰ খোজকঢ়া, গান গোবা, অভিনয় কৰা আদিৰ কথা মনত পেলাই তেওঁ আৱেগিক হৈ পৰে। তদুপৰি কয় যে জুবিনে ছবিখনৰ কামবোৰ বৰ আগ্ৰহৰে কৰিছিল। তেওঁ কয়, ‘গভীৰ আৱেগৰে জুবিনে ছবিখনৰ কাম কৰিছিল আৰু ঘূৰি আহি সকলো কাম নিজেই সম্পন্ন কৰাৰ কথা আছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল।’ জুবিনৰ ছবি আপোনালোকৰ ছবি বুলি তেওঁ কয়।
ইপিনে, কালি অইন দিনবোৰৰ দৰে আজিও জুবিনক্ষেত্ৰত হেজাৰ হেজাৰ অনুৰাগীয়ে ভিৰ কৰে। জুবিনক্ষেত্রত ৫০ টি কণ কণ শিশুরে মেণ্ডোলিনত মায়াবিনী গীতটিৰ সুৰৰ লহৰ তোলে। মঙলদৈৰ সাতসৰী সংগীত বিদ্যালয়ৰ এই কণ কণ শিক্ষার্থীসকলৰ প্ৰদৰ্শনে সমাধি ক্ষেত্রত মঙলবাৰে অনন্য পৰিৱেশৰ সৃষ্টি কৰে। এই সময়ছোৱাত গৰিমাও উপস্থিত আছিল। শিশুসকলৰ মেণ্ডোলিন বাদনৰ লগে লগে উপস্থিত হেজাৰ হেজাৰ লোকে মায়াবিনী গীত গালে আৰু গালে গৰিমায়ো। ইয়াৰ লগে জয় জুবিনদা ধ্বনিৰেও ভৰি পৰে সমাধিস্থলী। এই শিশুসকলৰ মাজত থাকি পুনৰ আৱেগিক হয় গৰিমা।
তেওঁ কয় যে শিশুসকলৰ প্রদর্শনে সকলোৰে মন ভৰালে, সকলোকে আৱেগিক কৰি তুলিলে। এই শিশুসকলে এদিন শিল্পী হিচাপে পৰিচয় বহন কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।






























