Sri bhumi:
ড্ৰাগছৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে এটা সপ্তাহৰ ভিতৰত তিনিটা পৃথক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় চাৰি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ হৈছে এজন সৰবৰাহকাৰী আৰু জব্দ কৰা হৈছে ড্ৰাগছ কঢ়িয়াই অনা তিনিখন বাহন।
পথাৰকান্দি আৰু ৰাতাবাৰীত অভিযান চলাই বিপুল পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে শ্ৰীভূমি আৰক্ষীয়ে। কালি ত্ৰিপুৰাৰ পৰা চন্দাখীৰা-পাথাৰকান্দি পথত পৰিত্যক্ত হৈ থকা TR05F 0465 নম্বৰৰ টাটা পঞ্চ বাহনৰ পৰা বিপুল পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গাড়ীখনৰ ভিতৰত তালাচী চলাওঁতে ৫৬টা পেকেটত থকা ২৫৫ কেজি শুকান গাঞ্জা জব্দ কৰে। অৱশ্যে গাড়ীখন এৰি পলায়ন কৰিবলৈ সক্ষম হয় গাড়ীৰ চালকজনে। পিছত আৰক্ষীয়ে গাড়ীখন নিজৰ জিম্মাত লয়। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, জব্দ কৰা গাঞ্জাৰ ক’লা বজাৰত মূল্য প্ৰায় ডেৰ কোটি টকা। লগতে বাহনখনৰ পৰা অসম আৰু ত্ৰিপুৰাত পঞ্জীয়নভুক্ত দুখন ভুৱা নম্বৰ প্লেট TR04F 0523 আৰু AS11X 2226 উদ্ধাৰ কৰা হৈছে।
একেদৰে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ পৰা বিকল্প পথেৰে অন্য ঠাইলৈ গৈ থকা অৱস্থাত পাথাৰকান্দি থানা এলেকাৰ চন্দাখীৰা ৰেল দলঙৰ সমীপত TR05J- 1807 নম্বৰৰ বলেৰো পিকআপ এখন আৰক্ষীয়ে উদ্ধাৰ কৰে। মাছ পৰিবহণৰ বাবে ব্যৱহৃত বলেৰো বাহনখনত তালাচী চলোৱাত মাছবিহীন বৰফ থকা বিভিন্ন কাৰ্টুনৰ তলৰ পৰা সৰু-ডাঙৰ পেকেটত প্ৰায় পাঁচ কুইণ্টল শুকান গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনাই যে যাৰ ক’লা বজাৰত মূল্য প্ৰায় ২.৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। সেই ক্ষেত্ৰত গাড়ীখন এৰি পলায়ন কৰে চালক আৰু সহ-চালক। সেইদিনা ৰাতাবাৰী আৰক্ষী থানাৰ ঠিক কাষতে এখন এস্প্ৰেছ’ গাড়ীৰ পৰা প্ৰায় ১৫ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়। এই ঘটনাত আৰক্ষীয়ে হেলাল উদ্দিন নামৰ এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই তিনিটা ঘটনাত শ্ৰীভূমি আৰক্ষীয়ে সৰ্বমুঠ প্ৰায় ৪ কোটি টকাৰ গাঞ্জা জব্দ কৰে।





































