Cachar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কাছাৰৰ লক্ষীপুৰত অসম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ ৷ গোপন খবৰৰ ভিত্তিত অসম ৰাইফলছৰ এটা দলে লক্ষীপুৰৰ জুজহাং পাহাৰত এখন ট্ৰাকত তালাচি চলায় জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় পাঁচ লাখ ৬০ হাজাৰ নিষিদ্ধ টেবলেট। জব্দকৃত টেবলেটখিনিৰ ওজন প্রায় ৬০ কেজি। জব্দকৃত টেবলেট খিনিৰ মূল্য প্ৰায় ১৬৮ কোটি হ’ব বুলি উল্লেখ কৰে অসম ৰাইফলছে ৷ মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ বিধান প্ৰান্তলৈ সংগোপনে পঠিওৱাৰ উদ্দেশ্যৰে লক্ষীপুৰলৈ আনিছিল ৷ এই সন্দৰ্ভত এজন দুধৰ্ষ সৰবৰাহকাৰীক আটক কৰা হয় ৷ ইতিমধ্যে অসম ৰাইফলছে জব্দকৃত নিচাজাতীয় টেবলেটসহ সৰবৰাহকাৰী আৰু ট্ৰাক খন চমজাই দিছে লক্ষীপুৰ আৰক্ষীক ৷































