AASU Pressmeet:
কা’ বিৰুদ্ধে পুনৰ গৰজি উঠিল আছু ৷ সোমবাৰে মহানগৰীৰ উজান বজাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয় শ্বহীদ ন্যাসত ছাত্ৰ সন্থাই আয়োজন কৰা সংবাদমেলত মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি উৎপল শৰ্মা, সম্পাদক সমীৰণ ফুকনে কয় ,মন্ত্ৰী উপ -সমিতিয়ে দাখিল কৰা প্ৰতিবেদন, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ বিষয়, অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰা, এন আৰ চি পুনৰ পৰিক্ষণ কৰা, শুদ্ধ ভোটাৰ তালিকা, এন আৰ চি নোহোৱাকৈ এছ আই আৰ কৰিব নোৱাৰা, ৬ জনজাতিৰ জনজাতি কৰণ কৰা, “কা” আইন বাতিল কৰা, খিলঞ্জীয়া লোকৰ সুৰক্ষা নিশ্চিত কৰা,ভূমি, ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা, ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰা, শিক্ষা খণ্ডক অধিক উন্নত কৰা, মাটিৰ অধিকাৰ অসমীয়া জাতিৰ হাতত ন্যস্ত থাকিব পৰা। অসমীয়া ভাষা সুৰক্ষিত হ’ব লাগিব। সত্ৰ সমূহৰ সংৰক্ষণৰ কাৰণে বোৰ্ড গঠন কৰি ইয়াক নিশ্চিত কৰিব লাগিব। জিলাৰ সদৰত লক্ষ্মীনাথ বেজবৰুৱাৰ একোটাকৈ প্ৰেক্ষাগৃহ হব লাগে। সকলো জাতি জনগোষ্ঠীৰ বাবে গৱেষণা তথা পুথিভঁৰাল হব লাগে। অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন অতি ভয়াবহ ভাবে বৃদ্ধি পোৱা আৰু ইয়াৰ স্থায়ী সমাধান লাগে। ২০০১ চনৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হলে নহ’ব, অসমীয়া লোকৰ সুৰক্ষা নিশ্চিত কৰিহে সমষ্টি পুনৰ নিৰ্ধাৰণ হব লাগিব, ইনাৰলাইন পাৰমিত প্ৰযোজ্য কৰা ইত্যাদি বিষয়ৰ ওপৰত চৰকাৰৰ লগত আলোচনা হোৱা আৰু ৰাজ্য চৰকাৰৰ অধীনত মুঠ ৫২ টা পৰামৰ্শ ৰূপায়ন কৰাৰ সিদ্ধান্তৰ প্ৰতিবেদন দিয়াৰ কথা তিনিও গৰাকী নেতাই সংবাদ মাধ্যমক অৱগত কৰে ৷
আনহাতে সংবাদমেলত ডঃ সমুজ্জল ভট্টাচাৰ্য্যই তিৱাৰী আয়োগৰ প্ৰতিবেদন একপক্ষীয়ভাবে কৰা প্ৰতিবেদন বুলি উল্লেখ কৰে। যোৱাকালি যি দুখন প্ৰতিবেদন দাখিল কৰিলে সেয়া বিধান সভাৰ মজিয়াত উল্লেখ কৰিব লাগে বুলিও তেওঁ কয়। কিয়নো তাত কি আছে অসমৰ ৰাইজে জনা উচিত ৷ সংবাদমেলত আছুৰ সহ: সাধাৰণ সম্পাদক দীপক শৰ্মা, ৰূপম দাস, শিক্ষা সম্পাদক টুটু মনি কলিতা, প্ৰাঞ্জল ডেকা উপস্থিত থাকে ৷




































