Maoist:✒️অব্যাহত আছে মাওবাদী আত্মসমৰ্পণৰ ধাৰা । বৃহস্পতিবাৰে চত্তীশগড়ৰ বিজাপুৰ জিলাত একেলগে ৫২ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। এইসকলৰ ভিতৰত ৪৯ জন মাওবাদীৰ মূৰৰ পৰিমাণ আছিল এক কোটি ৪১ লাখ টকা।
বিজাপুৰ আৰক্ষীৰ সূত্ৰ মতে, আত্মসমৰ্পণ কৰা ৫২ জনৰ ভিতৰত ১৩ জন মহিলা। এই দলটো মূলত দণ্ডকাৰণ্য বিশেষ জেনেল কমিটি আৰু অন্ধ্ৰপ্ৰদেশ–উড়িশা সীমান্তস্থিত ব্ৰহ্মগড় এলেকা কমিটীৰ সদস্য আছিল।
বিজাপুৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদবে জনোৱা মতে, তেওঁলোকে চিআৰপিএফ আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আত্মসমৰ্পণকাৰীৰ ভিতৰত লখ্খু কৰম ওৰফে অনিল (ডিভিজনেল কমিটি সদস্য), লগতে প্লাটুন পাৰ্টি কমিটীৰ সদস্য লক্ষ্মী মাডবী আৰু চিন্নি সোধীও আছে।
এই তিনিজনৰ প্ৰতিজনৰ মূৰত আঠ লাখ টকাৰ মূল্য আছিল। ইয়াৰ উপৰি, ১৩ জন মাওবাদীৰ প্ৰতিজনৰ ওপৰত পাঁচ লাখ, ১৯ জনৰ ওপৰত দুই লাখ আৰু ১৪ জনৰ ওপৰত এক লাখ টকা মূল্য ঘোষণা কৰা হৈছিল।
আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, আত্মসমৰ্পণ কৰা প্ৰতিজন মাওবাদীক ৫০ হেজাৰ টকা কৰি তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। লগতে চৰকাৰৰ নীতি অনুসৰি তেওঁলোকৰ পুনৰ্বাসনৰ ব্যৱস্থাও কৰা হ’ব।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে ছুকমা জিলাত ২৯ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। তাৰ ২৪ ঘণ্টাৰ ভিতৰতে বিজাপুৰতো বৃহৎ সংখ্যক মাওবাদীৰ আত্মসমৰ্পণ ঘটিল। ইয়াৰ আগতে আঠ জানুৱাৰীত দন্তেওয়াড়া জিলাত ৬৩ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল।






























