Kamakhya Train Station:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ কামাখ্যা ৰে’ল জংচনত জালনোটসহ এজন লোক ৰে’ল আৰক্ষীৰ জালত পৰে ৷ ৩নং প্লেটফর্মত ৰৈ থকা লোকজনক বিশেষ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অৰ্তকিতে তালাচী চলাই এটা বেগৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১১ লাখ ৮ হাজাৰ টকাৰ জালনোট জব্দ কৰে৷ ধৃত লোকজন বিহাৰৰ পংকজ কুমাৰ ৷ উল্লেখ্য যে ছ’চিয়েল মাধ্যম যোগে এজন প্ৰৱঞ্চকৰ স’তে চিনাকি হৈ জালনোট খিনি লোৱাৰ কথা আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ৷
ADVERTISEMENT
































