Guwahati Beltala basistha murder update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আৰক্ষীৰ জিম্মাতে মৃত্যু হ’ল ৰামানুজ গোস্বামীৰ। মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ অন্তর্গত বশিষ্ঠপুৰ চাৰি নম্বৰ উপ-পথৰ ‘অঞ্জলি গৃহ’ত পত্নী ৰিয়া তালুকদাৰৰ বৰ্বৰ হত্যাত অভিযুক্ত ৰামানুজৰ সোমবাৰে পুৱতি নিশা প্রায় দুই বজাত হাতীগাঁও আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচি) লৈ নিয়াৰ পথত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰা অৱস্থাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ মৃত্যু ঘটে বুলি আৰক্ষীয়ে দাবী কৰিছে।
নৰকাসুৰ পাহাৰৰ নাৰ্ছিং কলেজৰ সমীপত হাতকেৰেয়া পিন্ধি থকা অৱস্থাতে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলক গুৰিয়াই চলন্ত বাহনৰ পৰা জাঁপ মাৰে বুলি আৰক্ষীয়ে প্রকাশ কৰিছে। এঢলীয়া ঠাইত প্ৰথমবাৰ জপিয়াই ৰামানুজে দ্বিতীয় জাপ মাৰি দ খাৱৈত পৰে বুলিও আৰক্ষীয়ে কয়। এই সন্দৰ্ভত মহানগৰ পূবৰ ডিচিপি টাবুৰাম পেণ্ডৱে সংবাদ মাধ্যমক কয়, ‘পত্নী ৰিয়া তালুকদাৰৰ হত্যাত অভিযুক্ত ৰামানুজ গোস্বামী হাতীগাঁও থানাত আৰক্ষীৰ জিম্মাত আছিল। সোমবাৰে পুৱা দুই বজাত তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইছলৈ অনা হৈছিল। আহি থাকোতে গাড়ীখনৰ এটা টায়াৰ পাংকচাৰ হয়। গাড়ীখনৰ স্পেয়াৰ টায়াৰ লগোৱা হয় টিভি টাৱাৰৰ ওচৰত।
তাৰ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰা হয় আৰু আহি থাকোতে নাৰ্ছিং কলেজৰ ওচৰত তেওঁ হঠাতে হাতকেৰেয়া ধৰি থকা কনিষ্টবলক গোৰ শোধাই চলন্ত গাড়ীৰ পৰা পাছ দুৱাৰেদি জঁপিয়াই দিয়ে। ৰাস্তাত পৰি তেওঁ গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়। ইয়াৰ পাছতে তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে এটা দ খাৱৈত জাপ মাৰে, যাৰ ফলত তেওঁ মূৰত আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত পায়। আৰক্ষীয়ে লগে লগে তেওঁক কৰায়ত্ত কৰি জিএমচিএইছলৈ লৈ যায়। তাতে চিকিৎসকে মৃত ঘোষণা কৰে।’ নিশা দুই বজাত কিয় ৰামানুজক স্বাস্থ্য পৰীক্ষাৰ বাবে নিবলগীয়া হ’ল। এই প্ৰশ্নৰ উত্তৰত ডিচিপি পেগুৱে কয়, ‘তেওঁ গা ভাল লগা নাই বুলি কৈছিল। তদুপৰি জিম্মাত থকা ২৪ ঘণ্টা সময় প্রায় হৈছিল।
২৪ ঘণ্টাৰ মুৰকত আমি স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যাব লাগে। সেয়েহে নিশা হৈছিল।’ তদুপৰি কয়, ‘কর্তব্যত থকা আৰক্ষীজনো আহত হৈছে। তেওঁৰ চিকিৎসা কৰোৱা হৈছে।’ হাতকেৰেয়া পিন্ধি থকা অৱস্থাত অভিযুক্তই কিদৰে জঁপিয়ালে এই প্ৰশ্নৰ উত্তৰত পেগুৱে কয়, ‘হঠাতে ঘটনাটো ঘটিল। আমি ভবাই নাছিলো যে তেওঁ এনে কৰিব। ই আকাংক্ষিত নাছিল। হঠাতে তেওঁ আক্ৰমণ কৰিলে। কনিষ্টবলজনে প্রতিক্রিয়া প্রকাশ কৰিবলৈ সুযোগকে নাপালে। অভিযুক্তই জাঁপ মাৰি ওলাই যাবলৈ সুযোগ পালে।’ পেণ্ডৱে কোৱা মতে, শৰীৰৰ বিভিন্ন অংশত আঘাতপ্রাপ্ত হৈছিল বামানুজ। তেওঁক লগে লগে চিকিৎসালয়লৈ নিয়া বুলি কয়।
মূৰৰ উপৰি শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্রাপ্ত হোৱা ৰামানুজে পথৰ দাঁতিত জাঁপ মাৰিছিল। প্ৰথমবাৰ জঁপিওৱাৰ পাছত তেওঁ দ্বিতীয়বাৰ এঢলীয়া পথৰ দাঁতিৰ খাবৈত জঁপিয়ায়। তেওঁ লগতে কয়, ‘ৰামানুজ গোস্বামীয়ে আত্মহত্যা কৰিবলৈ জঁপিয়াইছিল নে পলায়ন কৰিবলৈ সেই বিষয়ে আমি পৰীক্ষা-নিৰীক্ষা কৰি আছো।’ আনহাতে, জিএমচিএইছৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে ঘটনা সন্দৰ্ভত কয়, সোমবাৰে পুৱতি নিশা ৩-৪১ বজাত জিএমচিএইছৰ কেজুৱেলিটি বিভাগলৈ ৰামানুজ গোস্বামীক অনা হয়। তেওঁ পথ দুর্ঘটনাত আহত হোৱা বুলি কৈছিল। তেওঁক মৃত অৱস্থাতে অনা হৈছিল।’ প্রাথমিক অৱস্থাত শৰীৰত বুলেটৰ আঘাত পৰিলক্ষিত হোৱা নাই বুলি আৰক্ষী অধীক্ষকজনে কয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৰামানুজৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব বুলি চৌধুৰীয়ে কয়।
# মই হাতীগাঁও আৰক্ষীক সঁচা কথা ক’বলৈ অনুৰোধ জনাইছো: ৰামানুজৰ পিতৃ
ইপিনে, ৰামানুজনৰ পিতৃয়ে তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি ধুবুৰীৰ গৌৰীপুৰৰ বাসগৃহত সংবাদ মাধ্যমক কয়, ‘হাতীগাঁও থানাৰ অ’চি ব্ৰহ্মই মোক ফোন কৰি ক’লে যে আপুনি অলপ আহিব লাগে। মই কিয় বুলি শোধাত ক’লে যে ৰামানুজে জিএমচিএইছৰ ওপৰৰ পৰাই জাঁপ মাৰিছে। ব্ৰহ্মৰ ম’বাইল ফৰেনচিকত পঠাওক, মই মিছা কৈছো যদি হাত কাটি দিম। মই ক’লো যে যাব নোৱাৰো। মই মোৰ বোৱাৰীৰ শ্রাদ্ধ কৰি আছো। মোক ব্রহ্মই মৃত্যু হোৱা বুলি কোৱা নাই।
ব্ৰহ্মৰ যদি সৎ সাহস থাকিলেহেঁতেন তেন্তে ক’লেহেঁতেন যে আপোনাৰ ল’ৰা ঢুকাইছে। মোক কিয় কথা লুকুৱালে।’ এই খবৰ শুনি তেওঁ কয় যে ৰিয়াৰ শ্রাদ্ধ অর্ধসমাপ্ত হৈ থাকে আৰু পুৰোহিতক বিদায় দিবলগীয়া হয়। পুত্ৰৰ মৃত্যুত কিবা ৰহস্য আছে নেকি বুলি স্থানীয় সাংবাদিকে শোধাত পিতৃজনে কয়, ‘তদন্তত এই কথা উদ্ধাৰ হ’ব। অসম আৰক্ষী নহয়, আমি ন্যায়িক তদন্ত বিচাৰো। এনেকুৱা তদন্ত বিচাৰো যাক চৰকাৰ আৰক্ষীয়ে ঢুকি নাপায়। মই প্রথমতে টিভিত দেখিছিলো যে এনকাউন্টাৰ হৈছে। তাৰ পাছত সেই বাতৰি গুচাই দিলে।’
লগতে এইদৰেও কয়, ‘আৰক্ষীৰ ওপৰত এশ শতাংশ বিশ্বাস আছে। আমাৰ এই পৰিয়ালৰ দুজন জোঁৱাই এছপি হৈ আছে। মই হাতীগাঁও থানাক সন্দেহ কৰিছো, অসম আৰক্ষী-ডিজিপিক নহয়। সেই কাৰণে হাতীগাঁও থানাই ঢুকি নোপোৱা তদন্ত বিচাৰো। মই হাতীগাঁও আৰক্ষীক সঁচা কথা সংবাদ – মাধ্যমক ক’বলৈ অনুৰোধ জনাওঁ। অসম চৰকাৰে যদি মৃতদেহ গৌৰীপুৰৰ ঘৰলৈ প্ৰেৰণ কৰে তেন্তে মই গ্রহণ কৰিম। কিন্তু গ্ৰহণ কৰাৰ পাছত বা পূর্বে মই চাম যে মৃতদেহৰ গাত বুলেটৰ আঘাত আছে নে নাই। ৰাইজক লগত লৈ চাম। মই আৰক্ষীক বিশ্বাস কৰিছিলো।’
লগতে কয় যে পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া গৌৰীপুৰ শ্মশানতে কৰিব তেওঁলোক
ৰ পুৰুষানুক্রমে তাতেই অন্ত্যেষ্টিক্রিয়া কৰা হয়। তেওঁ কয় যে এই পৰিস্থিতিত বাছত উঠি তেওঁ গুৱাহাটীলৈ আহিব নোৱাৰে। লগতে কয়, ‘ৰামানুজো ভাল,ৰিয়াও ভাল। নহ’লে মই ৰিয়াৰ শ্রাদ্ধ কৰিলোহেঁতেন নেকি?’ তদুপৰি কয়, ‘যিজন ল’ৰাই আৰক্ষীৰ ওচৰত গৈ আত্মসমর্পণ কৰিলে, তেওঁৰ গাড়ীৰ পৰা জঁপিয়াইছে বুলি মই বিশ্বাস নকৰো।’
# ঘটনাস্থলীত ৰামানুজৰ চেণ্ডেল: অর্ধসমাপ্ত ৰিয়াৰ শ্রাদ্ধ
ৰামানুজৰ মৃত্যুক লৈ চৌদিশে চর্চা চলিছে। উল্লেখ্য যে ঘটনাস্থলীত ৰামানুজে এপাট চেণ্ডেলো পৰি উদ্ধাৰ কৰা হয়। ইপিনে, সোমবাৰে গৌৰীপুৰৰ ৰামানুজৰ ঘৰত ৰিয়াৰ আদ্যশ্রাদ্ধ চলি থকাৰ সময়তে ৰামানুজৰ অৱগত হয় পৰিয়াল। লগে লগে শ্রাদ্ধৰ কাম স্থগিত ৰখা হয়। এই সন্দৰ্ভত পুৰোহিতে কয়, ‘বিয়া তালু আছিল। শ্রাদ্ধৰ কাম আৰম্ভ কৰিবলৈ লওতে খবৰটো আহিল। এতিয়া পাছত বিধানে যি ক’ব সেয়াই হ’ব।
ইপিনে, ৰামানুজে চলন্ত গাড়ীৰ পৰা হাতকেৰেয়া পিন্ধি থকা অৱস্থাতে কিদৰে জঁপিয়াবলৈ সুযোগ পালে তাকে লৈ চর্চা চলিছে। ৰামানুজৰ শৰীৰত বুলেটৰ আঘাত আছে নে নাই সেয়াও চৰ্চাৰ বিষয়।
# ঘটনাৰ প্ৰেক্ষাপট
ছিন্নমুণ্ড ভৰাই থয় ফ্রীজত। আঙুলিও টুকুৰা টুকুৰকৈ কটা। এনেদৰেই চৰম বৰ্বৰতাৰে পত্নীক হত্যাৰ তিনিদিন পাছত সাত ছেপ্টেম্বৰৰ পুৱতি নিশা আত্মসমর্পণ কৰিলে অভিযুক্ত স্বামী ৰামানুজ গোস্বামীয়ে। মহানগৰীৰ বশিষ্ঠপুৰ অঞ্চলৰ ‘অঞ্জলি গৃহ’ নামৰ এপার্টমেণ্টৰ তৃতীয় মহলাৰ নিজৰ ফ্লেটতে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। তদন্তকাৰী বিষয়াই জনোৱা মতে, ২৫ বছৰীয়া পত্নী ৰিয়া তালুকদাৰক হত্যাৰ পাছত অভিযুক্ত ৰামানুজে পত্নীৰ মূৰ পৃথকে কাটি এটা পলিথিনৰ মোনাত ভৰাই ফ্ৰিজত থৈছিল।
তদুপৰি ৰিয়াৰ আঙুলিবোৰ কাটি পেলায়। তদন্তকাৰী বিষয়াই এই হত্যাকাণ্ডক অত্যন্ত নৃশংস বুলি বর্ণনা কৰিছে। তদন্তকাৰী বিষয়াই জনোৱা মতে, যোৱা নিশা বশিষ্ঠপুৰ চাৰি নম্বৰ উপ-পথৰ ফ্লেটত তেজৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত ৰিয়াৰ মৃতদেহ উদ্ধাৰৰ পাছত সাত হেপ্টেম্বৰৰ পুৱতি নিশা দিছপুৰ থানাত স্বামী ৰামানুজে আত্মসমর্পণ কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত হাতীগাঁও থানালৈ অভিযুক্তক নিয়া হয়। আৰক্ষীয়ে জনোৱা মতে, আত্মসমর্পণৰ সময়ত ৰামানুজ পিন্ধি থকা কাপোৰত তেজৰ দাগ আছিল।
ADVERTISEMENT































