Heroin With Paddlar Arrested in Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মধ্য অসমৰ সৰ্ববৃহৎ মৎস্য বজাৰ হিচাপে পৰিচিত বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অৰ্তকিতে চলোৱা অভিযানত আটক হয় হে’ৰইন সহ দুই সৰবৰাহকাৰী৷ ধৃত সৰবৰাহকাৰী চাৰিটা হ’ল জেহিৰুল হক, জমিৰ হইন, মুকছিদুল হক আৰু সুবিৰ সাহা।
উল্লেখ্য যে বৰবজাৰৰ মাছৰ বজাৰত দীৰ্ঘদিন ধৰি মাছ ব্যৱসায়ৰ অচিলা লৈ একাংশ দুষ্ট চক্ৰই ৰমৰমীয়া ড্ৰাগছৰ বেহা চলাই অহাৰ বিষয়ে যোৱা কে’বাদিনো ধৰি সংবাদ মাধ্যমত বিস্তাৰিতভাৱে বাতৰি প্ৰকাশ হৈ আহিছিল ৷ অৱশেষত নগাঁও টাউন আৰক্ষীয়ে অভিযান চলাই চাৰি সৰবৰাহকাৰীক হে’ৰইন সহ আটক কৰিবলৈ সক্ষম হয় ৷ স্মতৰ্ৱ্য যে মাছৰ বজাৰৰ গাঁতে লাগি আছে নগাঁও সদৰ থানা ৷ADVERTISEMENT





























