দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নলবাৰী জিলাৰ মুকালমুৱাত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। এক গোপন খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গৈয়াৰী আৰু বৰ্ণিবাৰী উপ-আৰক্ষী চকীৰ উপ-পৰিদৰ্শক সুকুমাৰ দেৱ চৌধুৰীয়ে যৌথভাৱে অভিযান চলাই এজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ এই অভিযানত চাউলখোৱা আহতাৰ চাবুৰছান আলী (পিতা: তাৰাপ আলী) নামৰ লোকজনৰ পৰা ১০ টা প্লাষ্টিক ভায়েলত ভৰাই থোৱা সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হয়। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ভায়েল সহ ১১.৮০ গ্ৰাম। বৰ্তমান ধৃত লোকজনক মুকালমুৱা থানাত ৰাখি আৰক্ষীয়ে অধিক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
ADVERTISEMENT
































