Cattle seized in Mangaldoi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মঙলদৈ থানাৰ এটা দলে দেওবাৰে কাহিলী পূৱাতে গাধোৱা চৰত চলোৱা এক অভিযান চলাই ৭৭ টা গোধন সহ ২ খন নাওঁ আৰু ১১টা বেপাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৰ্মিষ্ঠা বৰুৱাই সদৰি কৰা অনুসৰি, বিশেষ সূত্ৰৰ পম খেদি আজি গাধোৱা ফেৰীঘাটত মঙলদৈ থানাৰ এটা দলে ব্ৰহ্মপুত্ৰৰে গতি কৰা এখন বৃহৎ নাওঁ আৰু আন এখন সৰু নাঁৱত তালাচী চলায়।
এই তালাচীৰ সময়তে ডাঙৰ নাঁৱত ৬৫টা আৰু সৰু নাঁৱত ১২টা গোধন সহ সমুদায় ৭৭টা গোধন উদ্ধাৰ কৰে। তদুপৰি সমগ্ৰ অবৈধ সৰবৰাহত জড়িত ১১ টা গোধন বেপাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গোধন সৰবৰাহৰ বৈধ নথি আৰু মালিকীস্বত্বৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ সকীয়াই দিছিল যদিও নথি প্ৰদৰ্শনত ব্যৰ্থ হোৱাৰ বাবে আৰক্ষীয়ে নাওঁ ২ খন, ৭৭ টাকৈ গোধন আৰু ১১ টা বেপাৰীক কৰায়ত্ত কৰে। সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
তাৎপৰ্যপূৰ্ণ যে, দৰঙত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাবে শৰ্মিষ্ঠা বৰুৱাই যোগদান কৰাৰ পাছৰে পৰা অবৈধ গোধন সৰবৰাহৰ বিৰুদ্ধে অভিযান ক্ষিপ্ৰ হৈ পৰিছে। কিছুদিন পূৰ্বে বৃহৎ কন্টেইনাৰ এখন জব্দ কৰি গোধন সমূহ আদালতৰ জৰিয়তে মঙলদৈৰ গোশালাত গতাই দিছিল।
ADVERTISEMENT

































