Batadova:
গুৰুজনাৰ জন্মস্থলী বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি । কংগ্ৰেছৰ ‘পৰিৱৰ্তন এক যাত্ৰা ৰেলী’ৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বটদ্ৰৱা থানৰ মুখ্য প্ৰৱেশদ্বাৰত একাংশই গৌৰৱ গগৈ হায়,হায় পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈক এই পৱিত্ৰ থানত সোমোৱাব দিয়া নহ’ব আদি ধ্বনিৰে প্ৰৱেশত বাধা প্ৰদান কৰে যদিও কংগ্ৰেছ কৰ্মী সকলৰ সহায়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকী থানৰ ভিতৰত প্ৰৱেশ কৰি মাংগলিক নীতি – নিয়মেৰে সেৱা লয় ৷ দলটোত আছিল এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং সাংসদদ্বয় প্ৰদ্যুত বৰদলৈ,ৰকিবুল হুছেইন সহ বহু কেই গৰাকী নেতা।
উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা পৰিয়ালসহ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হেজাৰ হেজাৰ বিঘা ভূমি কেলেংকাৰিৰ অভিযোগনামা ৰাজহুৱা কৰি কংগ্ৰেছে সেই সম্পত্তিৰ বিৰুদ্ধে ‘সময় পৰিৱৰ্তনৰ- মাটি বচাও জাতি বচাও’অভিযান আৰম্ভ কৰে। এখন বিশেষভাবে সজ্জিত বাহনত উঠি দলৰ শীর্ষ নেতৃবৃন্দই প্রথমে কামাখ্যা মন্দিৰত সেৱা জনাই এই যাত্ৰা আৰম্ভ কৰে। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বাহনখনত উঠি নেতৃবৃন্ আৰু বৃহৎ সংখ্যক দলীয় কর্মী পুৱা কামাখ্যা মন্দিৰত উপস্থিত হয়। দেৱীক সেৱা জনাই তেওঁলোক প্রথমে আমিনগাঁৱলৈ যায়। এই যাত্রাত নেতৃত্ব দিছিল সভাপতি গৌৰৱ গগৈয়ে।
আনহাতে ৰেলীক বাধাৰোপ কৰাৰ চেষ্টা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়,শান্তি- সম্প্ৰতি আৰু একতাৰ জৰিয়তে এক বাৰ্তা লৈ বটদ্ৰৱালৈ অহা হৈছে ৷ কিন্ত আমাক এটা চক্ৰৰ বাধাৰোপ কৰিছে ৷ ই সচাঁকৈয়ে দুৰ্ভাগ্যজনক।
আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায় কয় আমাৰ উদ্দেশ্য মহৎ ৷ গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ কৰ্ত্তব্য সুচাৰুৰূপে কৰিব পাৰে। গুৰুজনাৰ সেৱা ল’বলৈ আহিছো নিষ্ঠা সহকাৰে ৷ কিন্ত আমাক বাধা প্ৰদান কৰি তেওঁলোকে কি জাহিৰ কৰিব বিচাৰিছে। ৰাইজে এইয়া কেতিয়াও ভাল নহয়। বিজেপিয়ে শংকৰদেৱ গুৰুজনাক নিজৰ পৈতৃক সম্পত্তি কৰিব বিচাৰিছে I কংগ্ৰেছত সংস্কৃতিক কটাক্ষ কৰি বাধা দিছে I সমাগত সময়ত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। ধৰ্মৰ নামত আমাক অশান্তি কৰিছে।



































