মহিলাৰ আসন সংৰক্ষণৰ আঁৰ লৈ নিজৰ খেয়াল-খুচিমতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ লক্ষ্য আগত ৰাখি সদনত উত্থাপন কৰা ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক শুকুৰবাৰে বিৰোধীৰ ঐক্যৱদ্ধ প্ৰচেষ্টাত বাতিল হোৱা সন্দৰ্ভত নতুন দিল্লীত আজি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত গগৈয়ে কয় যে বিগত কেইটামান দিনৰ ভিতৰত বিজেপি দলৰ মুখাখন সম্পূৰ্ণৰূপে খোল খালে৷ বিজেপিয়ে মহিলাৰ আসন সংৰক্ষণৰ নামত বাস্তৱত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছিল৷ সেই প্ৰচেষ্টাক দেশৰ বিৰোধী দলসমূহে লগলাগি বিফল কৰিলো৷ সকলোৱে দেখিলে যে আমি লোকতন্ত্ৰ ৰক্ষা কৰিবলৈ, সংবিধান বচাবলৈ বিৰোধী দলসমূহে সমন্বয়ৰ যোগেদি চৰকাৰৰ প্ৰয়াসক বিফল কৰিছো৷
গগৈয়ে দেশবাসীক বিষয়টো স্পষ্ট কৰি দি কয়, ”মহিলা সংৰক্ষণ বিধেয়ক ৩ বছৰ পূৰ্বে বৰ্তমানৰ চৰকাৰে সদনত আনিছিল৷ সেই সময়ত আমি সম্পূৰ্ণ সমৰ্থন জনাইছিলো৷ কিন্তু তিনিবছৰ ধৰি সেইখন বিধেয়ক কাৰ্যকৰী কৰা নাই৷ সেই বিধেয়কখন ক’ত গ’ল? সেইখন বিলৰ কথা এইখন চৰকাৰে কিয় নকয়?’’
গগৈয়ে কয় যে বিজেপি দল কেতিয়াও মহিলাৰ আসন সংৰক্ষণৰ পক্ষত নাছিল৷ মহিলা সংৰক্ষণ বিধেয়কৰ কথা কৈ এখন জাল পেলাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাই তেওঁলোকৰ মূল লক্ষ্য বুলিও কয় গৌৰৱ গগৈয়ে। তেওঁ আৰু কয় যে বিগত দিনিটা দিনৰ সংসদত চলা বিতৰ্কত বিজেপিৰ সকলো কথা ওলাই পৰিল৷
বিজেপিয়ে সংবিধানৰ যি ক্ষমতা আছে সেয়া নিজৰ হাতলৈ কাঢ়ি নিব খোজে৷ কেনেদৰে দক্ষিণ ভাৰত, উত্তৰ-পূৰ্বাঞ্চল, উত্তৰ-ভাৰতৰ জনসংখ্যা কম থকা ৰাজ্যৰ অনাগত দিনত অইন ৰাজ্যৰ তুলনাত ৰাজনৈতিক প্ৰভাৱ কমি যাব সেই কথা ৰাজহুৱা হৈছে৷ মই ভাল পাইছো যে দেশৰ সকলো জনসাধৰণে এই কথা বুজি পাইছে৷ বিজেপি দলৰ অপপ্ৰচাৰ ধৰা পৰিল৷
তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যে হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ৷ যেনেকৈ অসম আৰু জম্মু-কাশ্মীৰত ৰাজনৈতিক স্বাৰ্থ লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে৷ তেনেদৰে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছিল৷ বিজেপিৰ সেই উদ্দেশ্য ব্যৰ্থ হ’ল৷ বৰ্তমানৰ বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সকলোৱে সতৰ্ক হৈ চকু ৰখা উচিত বুলিও কয় গগৈয়ে।
কিয়নো বিজেপিয়ে ক্ষমতাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে৷ ইফালে, কালি গৃহমন্ত্ৰী অমিত শ্বাহে সদনত কৰা ৪ মে’ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী আমাৰ কেতিয়াবা কেতিয়াবা তৰ্ক-বিতৰ্ক হয়৷ আমি যেতিয়াই যুক্তিপূৰ্ণ কথাবোৰ সোধো তেতিয়াই উত্তৰ দিব নোৱাৰি বেলেগ এটা কথা কয়৷ চৰকাৰ তথা চৰকাৰৰ মুখপাত্ৰই বাৰে বাৰে কৈছে যে প্ৰত্যেক ৰাজ্যৰ ৫০ শতাংশ আসন বৃদ্ধি হ’ব৷ কিন্তু কালি যিখন বিধেয়ক আনিছে তাত এই কথা ক’তো লিখা নাই৷ আমি গৃহমন্ত্ৰীয়ে সদনত কোৱা কথা মানি ল’ম নেকি? আগতে মেজ ঢকিয়াই অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিল, সেই প্ৰতিশ্ৰুতি ক’ত গ’ল?
ছয় নং দফাৰ প্ৰতিবেদন আজিলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই৷ সেইকাৰণে সদনত কথা কলেই আমি মানি ল’ম নেকি? আমি যেতিয়া সদনত প্ৰশ্ন কৰিলো যে আপোনালোকে যে ৫০ শতাংশ আসন বৃদ্ধিৰ কথা কৈছে সেই কথা বিধেয়কত উল্লেখ কৰা নাই কিয়? তেতিয়া এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কথাৰ ফুলজাৰি মাৰি ৪ তাৰিখৰ কথা ক’লে৷ আমি জানো যে ৪ মে’ত আমাৰ চৰকাৰ হ’ব৷ হিমন্ত বিশ্ব শৰ্মা শাসনৰ পৰা আঁতৰিব৷ বিভিন্ন বিষয়ত তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ’ব৷ অসমৰ মানুহৰ মূল দাবীক লৈ তদন্ত হ’ব৷
গগৈয়ে অসমৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বৰ পৰিৱেশৰ প্ৰসংগ টানি আনি আৰু কয়, ”অসম আৰক্ষীক কংগ্ৰেছ দল আৰু বিৰোধীৰ ফালৰ পৰা যি কেইখন এজাহাৰ দিয়া হৈছিল এই এজাহাৰৰ কিবা মূল্য আছে নে নাই? নে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যি কেইখন এজাহাৰ আহে কেৱল সেই কেইখন বেছি গুৰুত্বপূৰ্ণ?’’ সাংসদগৰাকীয়ে কয় যে আজি অসমত জনসাধাৰণৰ এজাহাৰৰ কোনো মূল্য নাই৷ আজি যদি অসমৰ এগৰাকী মহিলাৰ ওপৰত অত্যাচাৰ হয়, মহিলাগৰাকীয়ে দিয়া এজাহাৰৰ কিবা মূল্য আছে নে?
গগৈয়ে কয় যে বিজেপি এটা ৰাজনৈতিক দলহে৷ আজি ক্ষমতাত আছে, কাইলৈ নাথাকিব৷ আমিও ৰাজনৈতিক দল৷ আমিও বহু এজাহাৰ দাখিল কৰিছো৷ সুনীল ছেত্ৰীৰ ওপৰত আক্ৰমণ হ’ল৷ মীৰা বৰঠাকুৰে এজাহাৰ দিলে৷ দেৱব্ৰত শইকীয়াই ষ্টোৰ ৰুমক লৈ অভিযোগ দিছে৷
লোকতন্ত্ৰত আৰক্ষীয়ে কেৱল এটা ৰাজনৈতিক দলৰ হৈ কাম কৰিব নে সংবিধানৰ শপত লোৱা আৰক্ষীয়ে সকলো লোকক সমমৰ্যাদা দিব নেকি বুলিও গগৈয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে আৰক্ষীয়ে সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰি সকলোৰে প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰিব লাগিব৷ আজি অসমত অপশাসন চলিছে৷ আৰক্ষীক লৈ ৰাজনীতি কৰা হৈছে৷ এই বিষয়সমূহক লৈ বিধানসভা নিৰ্বাচনত মানুহে চিন্তা-চৰ্চা কৰি ভোটদান কৰিছে বুলিও কয় গগৈয়ে।






























