মাথোঁ পাঁচ বছৰত মুখ্যমন্ত্রী আৰু তেওঁৰ পত্নীৰ যৌথ সম্পত্তিৰ পৰিমাণ ৩৫.১৬ কোটি টকালৈ বৃদ্ধি পালে। উল্লেখ্য যে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই মনোনয়নপত্ৰৰ স’তে দাখিল কৰা শপতনামাত তেওঁ আৰু পত্নীৰ যৌথ সম্পত্তিৰ মূল্য আছিল ১৭.২৭ কোটি টকা।
এইবাৰৰ নিৰ্বাচনৰ বাবে কালি তেওঁ দাখিল কৰা শপতনামাত প্রকাশ কৰা অনুসৰি তেওঁ আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ মূল্য ৩৫.১৬ কোটি টকালৈ বৃদ্ধি পাইছে। সম্প্রতি ৫৭ বছৰীয়া মুখ্যমন্ত্ৰীয়ে দাখিল কৰা এইবাৰৰ শপতনামাত লগতে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ কোনো স্থাৱৰ সম্পত্তি নাই।
তেওঁৰ হাতত কেৱল ২.৩৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে। বিগত পাঁচ বছৰত তেওঁ অস্থাৱৰ সম্পত্তিৰ পৰিমাণো বৃদ্ধি পায়। কাৰণ ২০২১ৰ শপতনামাত তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১.৭২ কোটি টকা আছিল। আনহাতে মুখ্যমন্ত্ৰীৰ পত্নী ভূঞা শৰ্মাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য বিগত পাঁচ বছৰত ১৬.১৯ কোটি টকাৰ পৰা ৩২.৭৯ কোটি টকালৈ বৃদ্ধি পায়।
আনহাতে সম্প্রতি মুখ্যমন্ত্ৰীৰ হাতত নগদ ২.২৮ লাখ টকা আছে। তেওঁৰ চাৰিটা বেংক একাউণ্টত ৬৮,০১,৯৪৩ টকা জমা আছে। একেদৰে তেওঁৰ পত্নীৰ হাতত ৩.১৬ লাখ টকা আছে। তেওঁৰ বেংক একাউণ্টত মুঠ ৭৪,৮৫,২৪৮ টকা জমা আছে। মুখ্যমন্ত্ৰীৰ বণ্ড, শ্বেয়াৰ আদিত বিনিয়োগ নাই।
অৱশ্যে তেওঁৰ পত্নীৰ এনে ক্ষেত্রত ৫.১০ কোটি টকা বিনিয়োগ আছে। আনহাতে মুখ্যমন্ত্ৰীৰ কোনো জীৱন বীমা নাই। তেওঁৰ পত্নীৰ ১,৭৭,৫৫,৫৩১ টকাৰ জীৱন বীমা আছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ নামত কোনো বাহন নথকা বুলিও শপতনামাত উল্লেখ কৰিছে। তেওঁৰ পত্নীৰ এখন ২১.৬০ লাখ টকাৰ জীপ গাড়ী আছে। এই জীপ গাড়ী ২০১৮৩ তেওঁ ক্রয় কৰে। ড° শৰ্মাই শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁ আৰু তেওঁৰ পত্নীৰ কোনো কৃষিভূমি নাই। আনহাতে, মুখ্যমন্ত্ৰীৰ ২৫.১০ লাখ কোটি টকাৰ ১৮০ গ্রাম সোণ আছে। তেওঁৰ পত্নীৰ হাতত থকা সোণৰ পৰিমাণ হৈছে ১৪৫৯.২২১ গ্রাম। ইয়াৰ মূল্য ২.০৩ কোটি টকা।
আনহাতে মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিডোখৰ অনাকৃষিভূমি আছে। ইয়াৰে এডোখৰ ভূমি তেওঁ পিতৃৰ পৰা লাভ কৰে। এই তিনিডোখৰ ভূমিৰ সম্প্রতি মূল্য ১৯.২৫ কোটি টকা। আনহাতে তেওঁ ক্ৰয় কৰা এডোখৰ ১২,৯৬০ বর্গফুটৰ এডোখৰ ভূমিৰ মূল্য ১.৬০ কোটি টকা। এই ভূমি তথা ঘৰ আছে। আনহাতে মুখ্যমন্ত্ৰীৰ ১৯.০৫ লাখ টকাৰ বিত্তীয় দায়বদ্ধতা আছে। তেওঁৰ পত্নীৰ বিত্তীয় দায়বদ্ধতাৰ পৰিমাণ ১৫.৯১ কোটি টকা। মুখ্যমন্ত্ৰীৰ কোনো অনাকৃষিভূমি নাই। মুখ্যমন্ত্ৰীৰ শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ আয়ৰ উৎস হৈছে চৰকাৰী দৰমহা।
তেওঁৰ বিৰুদ্ধে নিষ্পত্তিহীন গোচৰ নাই বুলিও তেওঁ শপতনামাত উল্লেখ কৰিছে। একেদৰে তেওঁ কোনো গোচৰত দোষী সাব্যস্ত হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ পৰা স্নাতকোত্তৰ আৰু আইনৰ ডিগ্রীধাৰী মুখ্যমন্ত্ৰীৰ পিএইছডি ডিগ্রীও আছে।






























