Baksa Incident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:– শ্যামকানু, সিদ্ধার্থসহ জুবিন হত্যাৰ পাঁচ অভিযুক্ত থকা বাক্সাৰ নিকাছি জিলা কাৰাগাৰত নিশা অঘটন । গুণজিৎ বৈশ্য নামৰ কৰ্তব্যৰত এজন জোৱানে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ৷ নিজৰ ছাৰ্ভিচ বন্দুকেৰে আৰক্ষী জোৱানৰ চৰমপন্থা লোৱাৰ চেষ্টা ৷ বুকুত গুলীবিদ্ধ জোৱানজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসাৰ বাবে মুছলপুৰৰ ডা:ৰবি বড়ো চিভিল হাস্পতাললৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই জিএমচিএইছলৈ প্ৰেৰণ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ গুলিবিদ্ধ জোৱান জন ২৪ নং আই আৰ বেটেলিয়নৰ জোৱান আছিল ৷
উল্লেখ্য যে চিকিৎসালয়ত ভৰ্তিৰ সময়ত জোৱানজনৰ মুখত একাধিকবাৰ জুবিনৰ নাম লৈ আছিল ৷ জোৱান গুণজিৎ বৈশ্যৰ ঘৰ বজালীৰ বাঘমাৰাত ৷




































