Asaduddin Owaisi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা খবৰ ৷ অসমলৈ আহিব ৰাষ্ট্ৰীয় ৰাজনীতিৰ জনপ্ৰিয় নেতা হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছি ৷ এআইইউডিএফৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ ২ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাবহি ওৱেছীয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত এআইএম আইএমৰ মুৰব্বী গৰাকীক এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্ৰ তথা যমুনামুখৰ প্ৰাক্তন বিধায়ক আবদুৰ ৰহিম আজমলে কেইদিনমান পূৰ্বে নতুন দিল্লীত সাক্ষাৎ কৰিছিল ৷ ওৱেছীক সাক্ষাতৰ পিছতে আজমলে দিলে অসমলৈ অহাৰ বাৰ্তা ৷ মুলত:সংখ্যালঘু ভোট লাভৰ অংকৰে ওৱেছীক অসমলৈ আনিব বিচাৰিছে আজমলে ৷
ADVERTISEMENT






























