Gohpur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:– ৭২ নং গহপুৰ বিধান সভা সমষ্টিত অধিক আৰ্কষনীয় হৈ পৰিছে নিৰ্বাচনী প্ৰেক্ষাপট। বিভিন্ন জাতি জন গোষ্ঠীৰে পৰিপূৰ্ন গহপুৰ সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰ সকলক আৰ্কষণ কৰিবলৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চেষ্টা অব্যাহত ৰাখাৰ মাজতে গহপুৰত ব্যাপক চৰ্চা লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বিজয় মহন্তই ।
সদ্য কংগ্ৰেছ ত্যাগী ভাৰত চৰকাৰৰ প্ৰাক্তন কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা আগবঢ়োৱাৰ পিছতেই কংগ্ৰেছ-বিজেপিৰ মাজত ভোট বিভাজনৰ পূৰ্ন শংকা প্ৰকট হৈ উঠিছে । গহপুৰ অঞ্চলত পূৱৰ পৰা পশ্চিমলৈ-উত্তৰৰ পৰা দক্ষিনলৈ হেমন্ত বিজয় মহন্তৰ এক মজবুত ভেটি আছে ।
তৃনমূল পৰ্যায়ত এটি নিজা পৰিচয় আছে। সেয়ে বহু ভোটাৰ ৰাইজ দল মত নিৰ্বীশেষে হেমন্ত বিজয় মহন্তৰ পক্ষতো দেখা গৈছে। গহপুৰীয়া ৰাইজ আৰু জাতি জনগোষ্ঠীৰ প্ৰবল দাবীত মহন্তই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নমাৰ কথা মহন্তই প্ৰকাশ কৰিছে । যদিও বিজেপি অথবা কংগ্ৰেছৰ মাজতেই মুল যুঁজ খন হ’ব তথাপিও দুয়োটা দলৰ মাজত মেইন ফেক্টৰ হৈ পৰিছে হেমন্ত বিজয় মহন্ত।
উল্লেখ্য যে,মহন্তই প্ৰায় তিনি -চাৰি বছৰ ধৰি তৃনমূল প্ৰৰ্যায়ত বিভিন্ন গাঁৱে-ভূঞে গৈ সকলো মানুহৰ ঘৰতে গৈছে বিপদ-আপদত ব্যক্তিগত ভাবে বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়ায় অহাৰ উপৰিও সমষ্টিটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত ব্যক্তিগত ভাবে সহায়ৰ হাত আগবঢ়োৱাৰ দৃষ্টান্ত নথকা নহয়। ইয়াৰ পৰা উমান কৰিব পাৰি যে,মহন্তই কংগ্ৰেছ-বিজেপিয়ে নভবাকৈয়ে ভোট যুদ্ধত আউল লগাব বুলি ৰাইজৰ মাজত চৰ্চা ছলিছে ।






























