Gahpur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবির্ভাৱ তিথি জন্মোৎসৱ উপলক্ষে সোমবাৰে গহপুৰত দেখা গ’ল সম্প্ৰীতিৰ এনাজৰী। ৰাজ্যত সাম্প্রদায়িক বিষবাষ্পই ক্রমাৎ দুষিত কৰাৰ সময়তে গহপুৰৰ দুখন গাঁৱৰ দৃশ্যই সকলোকে মুগ্ধ কৰে। জন্মোৎসৱ উপলক্ষে এই দুখন গাঁৱত ভাগৱত লৈ উলিওৱা ধর্মীয় শোভাযাত্রাতস্থানীয় মুছলমান সমাজেও সমানে অংশগ্রহণ কৰে। গহপুৰ নগৰৰ বড়িগাঁও আৰু মাগনি কছাৰী গাঁৱৰ ৰাইজে এই শোভাযাত্রা উলিয়ায়। তাতেই অঞ্চল দুটাৰ ইছলাম ধর্মাবলম্বী লোকসকলেও স্বতঃস্ফূর্তভাবে অংশগ্রহণ কৰি অনুষ্ঠান সফলতাৰে আয়োজনত বিশেষ ভূমিকা পালন কৰে।
উল্লেখ্য যে জন্মজয়ন্তী উপলক্ষে সোমবাৰে গহপুৰীয়া ৰাইজে পুৱাই নামঘৰ পৰা হৰিনামৰে গাঁৱৰ ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্রা, ধর্মীয় আলোচনা, কীর্তন পাঠ আৰু ব্যাখ্যাৰে গহপুৰ সমজিলাক গুৰুজনাৰ ভক্তিৰসত বুৰাই পেলালে। সমজিলাৰ সকলোবোৰ নামঘৰ, ধর্মীয় অনুষ্ঠানত পুরাই ভক্তিৰসেৰে পুৱাই নামঘৰত নাম-প্ৰসংগ, দবা-শংখৰ ধ্বনি আৰু বস্তি প্রজ্বলনেৰে এক পবিত্র তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।
বালিজান কটকীচক গাঁৱৰ বৰনামঘৰত বৈষ্ণব, গায়ন-বায়নসকলে নামঘৰত প্ৰাৰ্থনা কৰাৰ লগতে ৰাইজৰ সহযোগত ভাগৱত লৈ শোভাযাত্ৰাৰে বালিজান, ব্রহ্মাজান, চিলঠিয়া, বালিগাঁও, বড়িগাঁও, বাঙলীয়াল আদি গাঁৱত হৰিনাম লৈ পুৱাই ভ্রমণ কৰে। কলাবাৰী, হাৱাজান, গহপুৰ, মাগনি কছাৰী, বিলতীয়া, হেলেম, মিছামাৰী, গমিৰি কাউৰীপথাৰ, টকৌবাৰী আদি গাঁৱৰ বৰনামঘৰসমূহতো শ্রীমন্ত শংকৰদেৱৰ আবির্ভাৱ তিথি উলহ-মালহেৰে পালন কৰে ৷
ADVERTISEMENT






























