China:✒️দাঁতৰে ভাস্কর্য সৃষ্টি কৰি সম্প্রতি তোলপাৰ লগাইছে মধ্য চীনৰ হুবেই প্ৰদেশৰ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে। চেন কিন নামৰ যুৱতীগৰাকীয়ে একোটা গাজৰৰ গাত কেৱল দাঁতৰ সহায়ত ভাস্কর্য খোদাই কৰি জনপ্রিয় হৈ পৰিছে।
এটা ভিডিঅ’ত দেখা গৈছে, যুৱতীগৰাকীয়ে সাৱধানেৰে গাজৰ খাই আছে। অধিকাংশ গাজৰতে তেওঁ একোৰেই ব্যৱহাৰ নকৰাকৈ দাঁতৰ জৰিয়তে বিভিন্ন শিল্পৰ আকাৰ দিছে।
কিনে অৱশ্যে দাবী কৰিছে যে তেওঁ কোনো ভাস্কৰ নহয়। স্কুল আৰু বিশ্ববিদ্যালয়ত গ্রাফিক ডিজাইন আৰ থ্রীডি মডেলিং কৰিছিল। অৱশ্যে শৈশৱৰ পৰাই তেওঁৰ চিত্ৰ অংকন প্রতি আগ্রহ নাছিল, যিটো এতিয়াও আছে। কিনৰ এই অস্বাভাৱিক প্রতিভা সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছত ১.২ নিযুতৰো অধিক লোকে চাইছে।
ছাউথ চাইনা মর্নিং প’ষ্টত কোৱা হৈছে যে যুৱতীগৰাকীৰ সৃষ্টিৰ ভিতৰত আছে সৰু প্ৰাণী আৰু কার্টুন চিত্র। সবাতোকৈ আকর্ষণীয় আকাৰবোৰৰ ভিতৰত আছে গ্রেট বাল আৰু হালধীয়া ক্রেন টাৱাৰৰ আকাৰ। সমান্তৰালকৈ ফিনিক্স মুকুট আৰু মিয়াও জনগোষ্ঠীৰ লোকৰ দ্বাৰা তৈয়াৰী ঐতিহ্যবাহী ৰূপালী টুপীৰ দৰে আকাৰ দিয়া বস্তুবোৰো আছে।
একাধিক ভিডিঅ’ৰ মাধ্যমেৰে কিনে সমগ্র প্রক্রিয়াটো দেখুৱাইছে। দেখা গৈছে যে তেওঁ লাহে লাহে গাজৰত সামান্যকৈ কামোৰ দিছে। তেওঁ কয়, ‘২০২৫ত এই শিল্পকলা মোৰ মাজলৈ আহিছিল।’
কিনে লগতে কয় যে তেওঁ অলসভাবে এটা গাজৰ চোবাই খাইছিল। হঠাতে তেওঁ লক্ষ্য কৰে যে খোৱাৰ সময়ত গাজৰটো সৰু সৰু আকাৰত ভাগ হৈ পৰিছে। গাজৰৰ গাত দাঁতৰ মাধ্যমেৰে সৰু আকাৰত কিছু বস্তু ফুটি উঠিছে। এই পর্যন্ত তেওঁ এশৰো অধিক গাজৰৰ গাত ভাস্কর্য সৃষ্টি কৰিছে। কিনে লগতে স্পষ্ট কৰি দিছে যে গোপনে কোনো সামগ্ৰী ব্যৱহাৰ নকৰাকৈ আচল দাঁতৰ মাধ্যমেৰেই নিজৰ এই প্ৰতিভা তেওঁ ভিডিঅ’ত তুলি ধৰিছে। আনকি যুৱতীগৰাকীয়ে নিজকে ‘প্রথম দন্ত ভাস্কৰ’ বুলিও অভিহিত কৰিছে।
লগতে কিনে জনাইছে যে এই কামৰ বাবে তেওঁ প্রায়েই দাঁত আৰু হনুত বিষ অনুভৱ কৰে। আনকি খুঁতৰিতো তেওঁ কিছু পৰিৱৰ্তন লক্ষ্য কৰিছে






























