Amit Shah:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলোবোৰ সৰু- বৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷ অৱশ্যে বতৰে বিধি পথালি দিছে যদিও তাৰ মাজতে প্ৰচাৰাভিযান অব্যাহত ৰাখিছে ৰাজনৈতিক দলে ৷
আনহাতে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযান চলাবলৈ ইতিমধ্যে অসমলৈ আগমন ঘটিছে হাই প্ৰফাইল নেতাৰ ৷ শনিবাৰে নির্বাচনী ৰণডংকা বজাবলৈ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ বিয়লী ২.৩৫ বজাত গুৱাহাটী বিমানকোঠত বিএছএফৰ বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পিছত পোনে পোনে ৰাওনা হ’ব খানাপাৰাস্থিত কইনাধৰা ৰাজ্যিক অতিথিশালালৈ ৷ তাত কিছু সময় জিৰণি লৈ বিয়লি ৪.১৫ বজাত আৰ্য বিদ্যাপীঠৰ পৰা বিজেপিৰ বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ৷ তেওঁক সংগ দিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা সহ গুৱাহাটীৰ চাৰিও খন আসনৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কেই গৰাকী ৷






























