Aminul Islam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পেছাগতভাৱে এজন প্ৰতিষ্ঠিত আইনজীৱী ৷ কিন্ত ৰাজনীতিৰ পথাৰত ভৰি থৈয়ে বিধায়ক হোৱাৰ সৌভাগ্য অৰ্জন কৰে অধিবক্তা গৰাকীয়ে ৷ কিন্ত এইবাৰ তেওঁক সৌভাগ্যই লগ নিদিলে ৷যিটো দলৰ বিধায়ক আছিল, সেই দলটোৱে তেওঁক দল বিৰোধী কামত জড়িত থকাৰ অভিযোগত দলৰ নিলম্বন কৰে। অৱশেষত দিশহাৰা হৈ শৰণাগত হয় এনপিপি মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷ যাৰ ফলস্বৰূপে এনপিপিত যোগদান কৰি লাভ কৰে দলীয় টিকট ৷ সেই সূত্ৰে মনোনয়ন পত্ৰ দাখিলো কৰে ৷ কিন্ত ৰহস্যজনকভাৱে হঠাতে প্ৰত্যাহাৰ কৰে নিজৰ মনোনয়ন । কিয়নো তেওঁৰ আন এক ঠিকনা বিচাৰি ফুৰিছিল ৷ অৱশেষত তেওঁ নিজৰ ঠিকনা বিচাৰি পালে ৷ আজি তেওঁ যোগদান কৰে কংগ্ৰেছত।
এটা পষেকত দুটা দল সলনি কৰি ডলাৰ বগৰী ৰূপে পৰিচিত হোৱা ৰাজনীতিক গৰাকীয়ে হ’ল মানকাচৰৰ এআইইউডিএফৰ নিলম্বিত বিধায়ক আমিনুল ইছলাম ৷
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই আমিনুল ইছলামে এআইইউডিএফৰ পৰা নিলম্বিত হোৱাৰ পিছতে যোগদান কৰে এনপিপিত ৷ কিন্ত তাতো মন নিমিলিল ৷ অৱশেষত ঘটনাক্ৰমে মঙলবাৰে এপিচিচিৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আনুষ্ঠানিকবাৱে কংগ্ৰেছত যোগদান কৰে মানকাচৰৰ বিদায়ী বিধায়কজনে ৷






























