Dibrugarh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বতাহ গৰম কৰি শাসক- বিৰোধীৰ ইজনৰ পিছত সিজনকৈ তাৰকা প্ৰচাৰকে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লৈছে ৷ এই সকল তাৰকা প্ৰচাৰকৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ইমৰৰ পৰা সিমুৰলৈ দৈনিক পাঁচ- ছয়খন সভাত অংশ লোৱাৰ লগতে সন্ধিয়া হ’লেই অংশ লয় ৰোড শ্ব’ত ৷
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লেপেটকটাত এখন বিশাল সভাত অংশ লয় ৷ দলীয় প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ আয়োজিত সভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,বুধবাৰে খোৱাঙত যিগৰাকী নেত্ৰীয়ে তথাকথিত জাতিয়তাবাদী গৰাকীৰ হৈ প্ৰচাৰ চলাইছে ৷ তেওঁৰ আইতাক হ’ল ইন্দিৰা গান্ধী ৷ এই গৰাকী প্ৰয়াত নেত্ৰী ক্ষমতাৰ অধিষ্ঠিত হোৱাৰ সময়ত অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰায় ৮৬০ জন তেজাল অসমীয়া যুৱকক হত্যা কৰা হৈছিল ৷ তথাকথিত জাতীয়তাবাদৰ পোছাক পিন্ধি অসমীক হত্যা কৰা নেত্ৰীৰ নাতিনীয়েকক খোৱাঙলৈ আনি কাৰ্যত:এই অঞ্চলৰ ৰাইজক অপমান কৰিছে ৷ বিগত দহটা বৰ্ষত অঞ্চলটোৰ উন্নয়ন তৰাম্বিত হৈছে ৷ এইবাৰ বিজেপি ক্ষমতালৈ আহিলেই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে ২০০ কোটি ব্যয় কৰা হ’ব। সমাজৰ সকলো স্তৰৰ লোকৰ উন্নয়নৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনাই কংগ্ৰেছ আৰু মিত্ৰজোঁটক সমূচিত প্ৰত্যুত্তৰ দিয়ক ৷
আনহাতে সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে মধ্য গুৱাহাটীৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীক টিকট দিয়াক লৈ অজাপৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু এই সন্দৰ্ভত কয়,কুংকিৰ মাতৃৰ অতীত নজনাকৈ টিকট দিছে লুৰীণে ৷কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে ‘গৰুৰ মাংস’ খাই ফটো দিয়ে ৷ তেওঁ ‘গৰুৰ মাংস’ খাই সনাতনী লোকক প্রত্যাহ্বান জনায় ৷একেদৰে শিলিগুৰিৰ চিকেন নেক বিচ্ছিন্নৰ হুংকাৰ দিয়া চয়তানক সমর্থন কৰে সুজাতা গুৰুঙে। সুজাতা গুৰুং চৌধুৰীয়ে চাৰ্জিল ইমাম আৰু ওমৰ খালিদক মুকলি সমৰ্থন কৰিছে । একেদৰে সুজাতা গুৰুঙে কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই বুলি কৈছিল ।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে লুৰীণজ্যোতি গগৈয়ে এনে এগৰাকী মহিলাৰ কন্যাক টিকট দিয়াটো অতি দুৰ্ভাগ্যজনক কথা ৷ শ্বহীদৰ কেঁচা তেজ জড়িত মঞ্চৰ পৰা লুৰীণে এনে এগৰাকী মহিলাৰ কন্যাক টিকট দি আচলতে জনতাক অপমান কৰিছে ৷






























