ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনত ভোটাৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনোৱা দেখা গৈছে। পুৱা আৰম্ভ হোৱা ভোটগ্ৰহণত দিনটো আগবঢ়াৰ লগে লগে ভোটাৰৰ উপস্থিতি লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।
নির্বাচন আয়োগৰ প্ৰাপ্ত তথ্য অনুসৰি, দুপৰীয়া তিনি বজালৈকে ৰাজ্যজুৰি ভোটদানৰ হাৰ ৭৫.৯১ শতাংশত উপনীত হৈছে।
উল্লেখযোগ্য যে, ভোটগ্ৰহণৰ বাবে এতিয়াও প্ৰায় এঘণ্টা বাকী থকা অৱস্থাত এই হাৰ অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
জিলা ভিত্তিত দক্ষিণ শালমৰা জিলাত সৰ্বাধিক ৮৪.২৪ শতাংশ ভোটদান নথিভুক্ত হৈছে। আনহাতে, সমষ্টি ভিত্তিত জলেশ্বৰ সমষ্টিত সৰ্বাধিক ৮৬.৬১ শতাংশ ভোটদানৰ ৰেকৰ্ড কৰা হৈছে।
বিশেষকৈ গ্ৰামাঞ্চলত ভোটাৰসকলৰ উৎসাহজনক উপস্থিতি লক্ষ্য কৰা গৈছে, য’ত পুৱা পৰাই দীঘল শাৰী দেখা গৈছে। মহিলা, জ্যেষ্ঠ নাগৰিক আৰু প্ৰথমবাৰৰ ভোটাৰসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।
প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে, ৰাজ্যজুৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অব্যাহত আছে আৰু সুৰক্ষা ব্যৱস্থা কটকটীয়াকৈ বলবৎ কৰা হৈছে।
এই অভূতপূৰ্ব ভোটদানৰ হাৰে ৰাজ্যৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত ৰাইজৰ আস্থা আৰু সক্ৰিয় অংশগ্ৰহণৰ স্পষ্ট প্ৰতিফলন বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।






























