Police Raid Lurinjyoti Gogoi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচন ভোটদান সম্পন্ন হোৱাৰ পিছত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ এটা দলে দুপৰীয়া অৰ্তকিতে চলাই অভিযান ৷ ২০ খন গাড়ীয়ে আৰক্ষীৰ বৃহৎ দল উপস্থিত হয় I
ADVERTISEMENT
গগৈৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিস্থিত বাসগৃহত আৰক্ষীয়ে হঠাতে চলোৱা অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ লুৰীণজ্যোতিৰ পৰিয়ালে এইয়া আৰক্ষীৰ আতিশয্য বুলি অভিযোগ কৰে ৷ আৰক্ষীৰ এই অভিযানৰ অভিপ্ৰায় কি আছিল এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷






























