Manas Rabin:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এইটো জুবিন গাৰ্গ বিহীন প্ৰথম বহাগ । এইবেলি বিহুৰ সকলো ৰং-ৰহইছৰ মাজতো প্ৰতিখন মঞ্চত যে জুবিন গাৰ্গৰ অভাৱ সৰ্বত্ৰে অনুভূত হ’ব সেয়া নিশ্চিত । ৰাজ্যবাসীৰ এই দুখ অলপমান হ’লেও পাতলাবৰ বাবেই আমি ২০ বছৰৰ আগৰ জুবিন গাৰ্গ জনক ৰাইজৰ আগত পুনৰ দাঙি ধৰাৰ এক আন্তৰিক প্ৰয়াসেৰে মুক্তি দিবলৈ সাজু কৰি তুলিছোঁ পাঁচটা খণ্ডৰ এখন ৱেব ছিৰিজ “জুবিন-মানসৰ যাত্ৰা ”। এক সংবাদমেলত এই কথা সদৰি কৰে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰৱীনে ৷
সংবাদমেলত ৰবীনে আৰু কয় যে, ২০০৪ আৰু ২০০৫ বৰ্ষত জুবিন গাৰ্গ আৰু মানস ৰবীনে শদিয়াৰ পৰা ধুবুৰীলৈ কৰা প্ৰতিখন বিহু মঞ্চৰ অনুষ্ঠানৰ লগতে মঞ্চৰ আঁৰৰ বিভিন্ন সৰু-বৰ ঘটনাক সামৰি নিৰ্মাণ হোৱা এই ৱেব ছিৰিজত অসমবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব ২০ বছৰৰ আগৰ অসমখনক , চফল ডেকা জুবিন গাৰ্গৰ অনন্য সংগীত পৰিবেশনা আৰু জুবিন গাৰ্গৰ সৰগী কণ্ঠৰ মূৰ্ছনা । লুইত এপত মুক্তি দিবলগীয়া এই ৱেব ছিৰিজখনক পহিলা বহাগৰ পৰা ৰাইজৰ বাবে উপলব্ধ হ’ব ।






























