Abhi- Neel Murder Case:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সকলো উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰে অভি- নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান হ’ব ৷সুদীৰ্ঘ আঠবছৰৰ অন্তত নগাঁও জিলাৰ সত্ৰ ন্যায়াধীশে চূড়ান্ত ৰায় প্ৰদান কৰিব ৷
উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত দুই বন্ধু ক্ৰমে অভিজিৎ নাথ আৰু নীলোৎপল দাসে কাৰ্বি আংলঙৰ কাংথিলাংছ’ জলপ্ৰপাত চাবলৈ গৈছিল। নীলোৎপলে তাত এটা মাছ ধৰাৰ ভিডিঅ’ কৰি ফেচবুক লাইভ দিছিল। কিন্ত সেই সময়ত অসমত “সোপাধৰা” অৰ্থাৎ শিশু চোৰাং ব্যৱসায়ীৰ উৰাবাতৰি ব্যাপকভাৱে চলি আছিল। স্থানীয় লোকৰ মাজত হোৱাটছএপত এটা ভুৱা বাৰ্তা বিয়পি পৰিছিল যে গাড়ীত অহা দুজন যুৱকে শিশু চুৰি কৰে।
দুই বন্ধু কাংথিলাংছ’ জলপ্ৰপাত চাই ঘূৰি আহোতে পানীজুৰিত স্থানীয় ৰাইজে তেওঁলোকৰ গাড়ী ৰখাই সোপাধৰা বুলি সন্দেহ কৰে। দুয়ো বাৰে বাৰে নিজৰ পৰিচয় দিলেও উন্মত্ত জনতাই কোনো কথা নুশুনি বাঁহ-লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। ফলত ঘটনাস্থলীতে দুয়োজনৰে মৃত্যু হয়। আনহাতে গোটেই ঘটনা ম’বাইলত ৰেকৰ্ড কৰি ভাইৰেল কৰা হৈছিল ৷ যাৰ ফলস্বৰূপে এই ঘটনাই সমগ্ৰ দেশ জোকাৰি যায়।
আনহাতে নৃশংস ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ বিভিন্ন দল- সংগঠনৰ বিপুল দাবীত এই ঘটনাৰ মুঠ ৪৮ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত কৰে ৷
স্মতৰ্ৱ্য যে সমগ্ৰ গোচৰটো কাৰ্বি আংলঙৰ পৰা নগাঁও সত্ৰ ন্যায়াধীশ আদালতলৈ স্থানান্তৰিত কৰা হয় ৷ জিলা আৰু সত্ৰ ন্যায়ালয়ে ২০২৩ চনত ৩৫ জনক দোষী সাব্যস্ত কৰে। ৩ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৩২ জনক ৩ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হয়।
কিন্ত কাৰাৰুদ্ধ হৈ থকা ১৩ অভিযুক্ত সন্দৰ্ভত সোমবাৰে চুড়ান্ত ৰায় প্ৰদান কৰিব সত্ৰ ন্যায়াধীশ আদালতে






























