AssamFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পূব অসমৰ শেহতীয়া বিধ্বংসী বানত বিধ্বস্ত সকলো পৰিয়ালক চৰকাৰী ১৫ হেজাৰ টকাৰ সাহায্য প্ৰদানৰ সময়সীমা বান্ধি দি কালি ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰলৈ কঠোৰ সকীয়নি জাৰি কৰিলে। চৰকাৰী বান সাহায্য শীঘ্ৰে মুকলিৰ দাবীত আজি ৰাইজৰ দলৰ উদ্যোগত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ হেজাৰ হেজাৰ বানবিধ্বস্ত লোকৰ অংশগ্রহণত ইয়াত এক গণ সমাৱেশ অনুষ্ঠিত হয়।
এই সমাৱেশত ভাষণ দি গগৈয়ে কয়, ‘আজি হেজাৰ হেজাৰ বানাক্ৰান্তৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল গণ সমাৱেশক মই গণ সমাবেশ বুলি ক’ব নোখোজো। আজি আর্তজনে আর্তনাদ প্রকাশ কৰিছে। অহা ২৭আগষ্টৰ নিশা ১২ বজাৰ ভিতৰত সকলো বানাক্রান্ত লোকৰ একাউণ্টত চৰকাৰী সাহায্যৰ ১৫ হেজাৰ টকা নোসোমালে আমি পিছদিনা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম। তাৰ পাছতো বানাক্ৰান্ত ৰাইজৰ একাউণ্টত চৰকাৰী সাহায্যৰ ধন নোসোমালে ৩০ আগষ্টলৈ অপেক্ষা কৰা হ’ব। পাছত ইয়াৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যাম। প্রয়োজনত দিছপুৰত ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ’ব।’
পূব অসমৰ এই বিধ্বংসী বান মানৱসৃষ্ট বুলি পুনৰ দাবী কৰি গগৈয়ে এই বান সৃষ্টিৰ বাবে দায়ীসকলক বিচাৰি উলিয়াবৰ বাবে চিবিআই তদন্ত ঘোষণা কৰিবলৈও দাবী জনায়। তেওঁ কয়, ‘কাৰ কাৰণে, কাৰ লোভৰ কাৰণে, কাৰ ছিণ্ডিকেটৰ কাৰণে, কাৰ কয়লা খননৰ কাৰণে, কাৰ বালি খননৰ কাৰণে, কাৰ শিল খননৰ বাবে লাখ লাখ মানুহে কষ্ট পাবলগীয়া হ’ল? সেই লাখ লাখ ক্ষতিগ্রস্ত মানুহৰ ক্ষতি কৰা সকলক বিচাৰি উলিয়াবৰ কাৰণে চৰকাৰে চিবিআই তদন্ত দিয়ক।’
তেওঁ প্রতিটো বান ক্ষতিগ্রস্ত পৰিয়ালক ১০ লাখ টকাকৈ সাহায্য দিবলৈও দাবী জনায়। এই সম্পর্কত তেওঁ লগতে কয়, ‘চৰকাৰে নগৰৰ বানাক্ৰান্ত পৰিয়ালসমূহক এক লাখ ২০ হেজাৰ টকাকৈ, গাঁৱৰ বানাক্ৰান্ত পৰিয়ালসমূহক এক লাখ ৭০ হেজাৰ টকাকৈ আৰু গাঁৱৰ যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হ’ল সেইসকলক সর্বোচ্চ তিনি লাখ ৫৩ হেজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। কিন্তু আমি দাবী কৰিছো প্ৰতিটো বান ক্ষতিগ্রস্ত পৰিয়ালক কমেও ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰক। কেৱল পৰিয়ালক নহয়, এই ১০ লাখ টকাৰ ক্ষতিপূৰণটো পৰিয়ালৰ লগতে ব্যৱসায়-বাণিজ্যৰ দোকান-পোহাৰী সকলোকে দিব লাগে, ব্যৱসায়-প্রতিষ্ঠানসমূহকো দিব লাগে। তেতিয়াহে বানাক্ৰান্তসকলৰ কিবা এটা উপকাৰ হ’ব। অন্যথা তেওঁলোক ২০-২৫ বছৰলৈ পিছুৱাই যাব।’
বানাক্রান্তসকলৰ স্বাৰ্থত উত্থাপন কৰা এই দাবীসমূহ পূৰণ নহ’লে মুখ্যমন্ত্ৰীৰ মেজত উঠি তাণ্ডৱ নৃত্য কৰিব বুলিও গগৈয়ে পুনৰ হুংকাৰ দিয়ে। চৰকাৰৰ সমালোচনাত মুখৰ হৈ তেওঁ লগতে কয়, ‘চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য বা তৎকালীন সাহায্য আমি দিম ১৫,০০০ বা ২৫,০০০ টকা। ১৫,০০০ বা ২৫,০০০ টকাৰ তাৎক্ষণিক সাহায্য দিব। তাৎক্ষণিক সাহায্য ২৪ ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য ৩৬ ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য ৪৮ ঘণ্টাত দিয়ে। কিন্তু তাৎক্ষণিক সাহায্য দিয়াৰ সময় এতিয়া ৩৬ দিন পাৰ হৈ গ’ল। গতিকে চৰকাৰে মানুহক কিমান অৱহেলা কৰিছে, এই কথাটো প্ৰকাশ কৰি আজি কিমান মানুহে তাৎক্ষণিক সাহায্যটো পোৱা নাই, চৰকাৰক দেখুৱাবৰ কাৰণে এই আৰ্তজনৰ আৰ্তনাদ প্রকাশ কৰিবলৈ এই সমাৱেশৰ আয়োজন কৰা হৈছে।’
চৰকাৰৰ প্ৰতি হুংকাৰ দি তেওঁ লগতে কয়, ‘৪৮ ঘণ্টাৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে, তেতিয়া হ’লে এইসকল লোকক লৈ আমি গুৱাহাটীলৈ লৈ যাম। আমি চৰকাৰক কৈছো যে আমাৰ প্ৰত্যেকটো পৰিয়ালক ন্যূনতম ১০ লাখ টকাকৈ দিয়ক।’































