Boko Firing incident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কামৰূপ গ্ৰাম্য জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন আৰক্ষী জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত দুই সতীৰ্থ আৰক্ষী ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে গামেৰীমূৰা আৰক্ষী পহৰা চকীত কৰ্মৰত আৰক্ষী জোৱান চিৰঞ্জীৱ চৌধুৰীয়ে বুধবাৰে নিশা ভাগত হাতত উদ্যত একে ফৰটি চেভেন লৈ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰজিৎ বৰা আৰু আন এজন আৰক্ষী জোৱান ফজুৰুল আলীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। ফলত দুই আৰক্ষী থিতাতে কৰুণ মৃত্যুক সাবটি লয় ৷
আনহাতে নিশা হঠাতে সংঘটিত হোৱা গুলীচালনাৰ শব্দত কৰ্তব্যৰত আন আৰক্ষী সষ্টম হৈ হুৱাদুৱা লগাই ঘটনাস্থলীত উপস্থিত হৈ দেখে দুই আৰক্ষী তেজেৰে তুমৰলি হৈ পৰি আছে৷ আন আৰক্ষী সকলে তৎমুহূৰ্ততে ঘাতক চিৰঞ্জীৱ চৌধুৰীয়ে আটক কৰে৷ কি কাৰণত সতীৰ্থ আৰক্ষীক গুলীয়াই হত্যা কৰিলে এই সন্দৰ্ভত মুখ খোলা নাই ধৃত আৰক্ষী জোৱানজনে। আৰক্ষীৰ জেৰাত হে সমস্ত তথ্য পোহৰলৈ আহিব ৷ আনহাতে নিশাই উচ্চপদস্থ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে I



































