FloodAlert : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসহায় হৈ আত্মৰক্ষাৰ বাবে দৌৰিবলৈ চেষ্টা কৰিছিল বহুজনে। ওখ স্থান আৰু ঘৰৰ পকী ছাদ এখন যেন সেই সময়ত নিজক বচাই ৰখাৰ একমাত্র উপায় বুলি মানুহবোৰে ভাবি লৈছিল। দিখৌ নদীৰ পাৰৰ বামুণপুখুৰী টেঙাহোলাত ভয়াবহ বিপদৰ সূচনা কৰাৰ সময়ত ১৯ জুলাইৰ জলপ্ৰলয়ৰ মুখামুখি হৈ মানুহবোৰ নিঃসহায় হৈ পৰিছিল। সৰু সৰুকৈ বাঁহেৰে ঘৰ সাজি জীৱন নিৰ্বাহ কৰি অহা মানুহবোৰে নদীয়ে বিশ্বাসঘাতকতা কৰাৰ কথা ভাবিবই নোৱাৰিছিল।
সেই নদীৰ লগতে তেওঁলোকৰ আজন্ম সম্পর্ক। পাৰৰ চাপৰিত খেতি কৰি জীৱিকা উলিয়াই অহা পৰিশ্ৰমী এই মানুহবোৰে সেইদিনা নদীখন কিয় এনেকুৱা হৈ গ’ল তৎ ধৰিবই নোৱাৰিলে। বামুণপুখুৰী চাহ বাগিচাৰ মাজৰ বিষ্ণু মন্দিৰৰ ঠাইখিনি ওখ হোৱাৰ বাবেই টেঙাহোলাৰ ফালৰ মানুহবোৰে বাগানৰ মাজেদি থকা চিনাকি বাটেৰে বাঢ়ি অহা পানীৰ বাধাক নেওচি নিজকে ৰক্ষা কৰিবলৈ আগবাঢ়ি গৈছিল। মানুহবোৰ তাতে নিৰাপদে থাকিবলৈ ৰৈ গৈছিল।
ইফালে, নিজৰ ঘৰৰ পৰা উজাই সেই বাটৰ কাষতে থকা মোমায়েকৰ ঘৰত আছিল বামুণপুখুৰী মডেল হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰিদিপ পানিকা। মৰমৰ কুকুৰ বৰুণক লগত লৈ লগৰীয়া আৰু কেইটিমান শিশুৰে স’তে পানীৰ মাজেদি ৰিদিপেও মোমায়েকৰ ঘৰ এৰি ওখ স্থানলৈ বুলি বাট বুলিছিল। তেতিয়া বিয়লি প্রায় ৩-৩০ বাজিছিল।
বামুণপুখুৰী চাহ বাগিচাৰ চৌপাশে বানৰ আতংকময় পৰিস্থিতি সৃষ্টি হৈছিল। প্ৰচণ্ড উচ্চতাৰ ঢৌ উঠিছিল। ৰিদিপৰ পিতৃ-মাতৃয়েও নিজৰ নিৰ্মাণৰত পকী ভেটিটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ স্থানীয় গৰীৱলাল কুৰ্মী নামৰ শিক্ষকজনৰ পকী ছাদৰ ওপৰত আশ্ৰয় লৈছিলগৈ।
তেওঁলোকৰ বাবে আৰু উজাই গৈ চাহ বাগানৰ মাজৰ মন্দিৰৰ চোতাল পাবলৈ সাধ্য নাছিল। ইফালে, প্রায় চাৰিশ মিটাৰ দূৰত্বৰ ৰিদিপৰ মাক-দেউতাক দীপক পানিকা আৰু ভাৰতী পানিকাক সোনকালে বাগানৰ বিষ্ণু মন্দিৰৰ ওখ স্থানলৈ বুলি লৈ যাবলৈ ওলাই আহিছিল ৰিদিপৰ মোমায়েক।
বাঢ়ি অহা জলপ্ৰলয়ৰ তীব্রতা ইমানেই বেছি আছিল যে বায়েক-ভিনিহিয়েকক লগত লৈ নিজৰ ঘৰটোলৈ বা মন্দিৰৰ স্থানলৈ যোৱাৰ সকলো পথেই ৰুদ্ধ হৈ পৰিছিল। পানী একঁকালৰ পৰা এডিঙি হৈ পৰিছিল। ঘৰলৈ উলটিব নোৱৰা অৱস্থাত ৰিদিপৰ মোমায়েকে ৰিদিপৰ মাক আৰু দেউতাকৰ স’তে ওচৰৰ ঘৰৰ সেই পকী ছাদতে আবদ্ধ হৈ ৰৈ যাবলৈ বাধ্য হৈছিল। পানীৰ উচ্চতা বাঢ়িয়েই আছিল।
ইফালে, নিজে পকী ঘৰৰ ছাদত নিৰাপদ অনুভৱ কৰিলেও একমাত্র সন্তান ৰিদিপ মোমায়েকৰ ঘৰ আৰু পৰৱৰ্তী মন্দিৰৰ ওখ ঠাইলৈ যোৱা বুলি মাকে কোনো কোনো আত্মীয়ৰ যোগেদি ফোনতে খবৰ পাই আছিল যদিও তেওঁ ক্ষান্ত হ’ব পৰা নাছিল।
সঁচাকৈয়ে ৰিদিপে মন্দিৰৰ ফালে ঠিকেই বাট লৈছিল যদিও দ পানীৰ কেঁকুৰিডোখৰ ঘূৰিবলৈ লওঁতেই হাতৰ পৰা পানীলৈ গুচি গৈছিল তাৰ বৰুণ নামৰ মৰমৰ কুকুৰটো। সি কুকুৰটো ৰক্ষা কৰিবলৈ পথৰ পৰা ফালৰি কাটিছিল। দৈৱৰ দুর্বিপাকত তাৰ মৰমৰ বৰুণ ৰক্ষা পৰিছিল। লগৰীয়া শিশুহঁতৰ হাতত বৰুণক তুলি দিয়া অৱস্থাত এইবাৰ ঢৌৰ কোবত ৰিদিপে নিজেই খোপনি হেৰুৱাইছিল।
ঢৌৰ আঘাতত নিলগলৈ আঁতৰি যোৱা ৰিদিপে যেন প্রাণপণে ওচৰ চাপিব খুজিও তাৰ বৰুণ আৰু লগৰ শিশুকেইটাৰ ওচৰলৈ আহিব নোৱৰা হ’ল। আনকেইটা শিশুৰ চিঞৰ-বাখৰ শুনি কেইজনমান ডেকা মানুহে নাও বাই ৰিদিপক তুলি আনে যদিও ইতিমধ্যে ফুলকুমলীয়া শিশুটিৰ শৰীৰ নাৱৰ বুকুতে স্পন্দনহীন হৈ পৰিছিল। পাছত তাৰ নিথৰ শৰীৰটো বাগিচাৰ ওখ স্থান ফেক্টৰীৰ ওচৰলৈ লৈ গৈ মোমায়েকৰ ঘৰৰ কাষতে শুৱাই দিলেগৈ।
সেই সময়ত চৌপাশে কেৱল আতংক, চিৎকাৰ। ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তু, ঘৰৰ ভিতৰৰ লাম-লাকটু সকলোবোৰ উটুৱাই নিয়াৰ বেদনাত মর্মাহত হৈ থকা মানুহবোৰে বলিয়া বানৰ ত্ৰাসত নিশা ৰিদিপৰ মাকে কৰা প্ৰতিটো ফোনৰ প্ৰশ্নত ৰিদিপ আহি শুই থকা বুলিয়েই উত্তৰ দি গৈছিল।
২০ জুলাইৰ বিয়লি যেতিয়া ৰিদিপৰ মাক-দেউতাক আৰু মোমায়েকে উদ্ধাৰকাৰী নাৱত উঠিহে ৰিদিপৰ কাষ পাইছিল, তেতিয়াহে পিতৃ-মাতৃয়ে দেখা পাইছিল পুত্ৰৰ কৰুণ মৃত্যুৰ দশা। এই কথা নিজমুখে প্রকাশ কৰি পুত্ৰৰ শ্রাদ্ধৰ অনুষ্ঠানৰ মাজত ৰিদিপৰ মাতৃয়ে আশা কৰিলে এনে দ্বিতীয় এক মৃত্যু যেন কাৰোৰে জীৱনলৈ নাহক।
পিতৃ-মাতৃ উভয়ে নদীখনৰ বুকুত অবাধে খান্দি অহা শিল আৰু নগা পাহাৰত অবাধে খান্দি অহা কয়লাৰ অলেখ গহ্বৰ, কৃত্রিম হ্রদ সৃষ্টি হোৱাৰ পৰিণতিয়েই ১৯ জুলাইৰ বিধ্বংসী বান বুলি আঙুলিয়াই দিয়ে।
ৰিদিপৰ মাতৃয়ে কয়, ‘নদীখন বাঢ়ি আহিলে আমি নিঃসহায় হওঁ, পাহাৰখন খহি গ’লে আমাৰ আৰ্তনাদ কোনোৱেই নুশুনা হয়।’ সোনকালেই কয়লা-শিলৰ অবাধ খনন বন্ধ কৰি ৰাইজক জীয়াই থকাৰ পৰিৱেশ দিবলৈ চৰকাৰ আৰু নাগৰিক সমাজক আহ্বান জনালে সন্তান হেৰোৱা পানিকা দম্পতীয়ে।
সঁচাই থিতাতে নদীখন আৰু নাতিদূৰৰ পাহাৰে গঢ়ি ৰখা সম্পৰ্কৰ মাজত বামুণপুখুৰী টেঙাহোলাৰ বাসিন্দাসকলে এতিয়া নিজাববীয়াকৈ কোনো কোনো সংগঠনে যোগাই যোৱা টিনপাতকেইখনকে চালি আৰু বেৰা লগাই আশ্রয় গ্রহণ কৰা অৱস্থাত নিশা সাৰে থকাৰ পৰিৱেশে বিৰাজ কৰিছে।
স্থানীয় আৱাসী জয়ন্তী বাগে কয়, ‘এতিয়া মাজনিশা বৰষুণ দিলেই আমাৰ ঘৰ-বাৰীবোৰ ঢাকি পেলোৱা সেই ভয়াৱহ বান অহাৰ ভয়ত আমি কঁপি থাকো।’ নদীৰ কাষৰ লগতে মথাউৰিবিহীন দিখৌ নদীৰ মথাউৰি চৰকাৰে যাতে সোনকালে নিৰ্মাণ কৰি জীৱনবোৰ নিৰাপদ কৰে, তাৰ প্ৰাৰ্থনাৰে কাতৰ হৈছে টেঙাহোলাবাসী।
নগালেণ্ডত বৰষুণ হ’লেই দিখৌ বাঢ়ি উঠিব আৰু দিখৌ বাঢ়িলেই বান ভয়ানক হ’ব বুলি বিশ্বাস গাঢ় হোৱা বিহুবৰ টেঙাহোলাবাসীয়ে নদীৰ গতি প্রকৃতি নিৰীক্ষণ কৰাৰ লগতে জনসাধাৰণক বিপদৰ কথা আগতীয়াকৈ অৱগত কৰাৰ বাবে মাইক ব্যৱহাৰ কৰিবলৈ জিলা আৰু সমজিলা প্রশাসনক আহ্বান জনাইছে।































