AssamEducation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসমৰ শিক্ষানুষ্ঠানত কৰ্মৰত টিউটৰসকলে শিক্ষকৰ স্বীকৃতি লাভ কৰাৰ কোনো সম্ভাৱনা নাই। শুকুৰবাৰে এই কথা নিশ্চিত কৰে শিক্ষা বিভাগে। সমগ্র শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সভাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা নিশ্চিত কৰে।
মন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে শিক্ষাৰ অধিকাৰ আইন আৰু শিক্ষকৰ অৰ্হতাৰ ৰাষ্ট্ৰীয় পৰিষদৰ নীতি- নির্দেশনাই টিউটৰসকলক নিয়মীয়া শিক্ষকৰূপে স্বীকৃতি দিয়াত অনুমতি নিদিয়ে। গতিকে টিউটৰসকলক নিয়মীয়া শিক্ষকরূপে নিযুক্তি দিয়া নহ’ব।
উল্লেখ্য যে অসমৰ প্রাদেশিকীকৃত শিক্ষানুষ্ঠানত প্রায় ন হেজাৰ টিউটৰ কৰ্মৰত হৈ আছে। শিক্ষক হৈও শিক্ষকৰ স্বীকৃতি লাভ নকৰাক লৈ টিউটৰসকলে দীর্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে। একেখন শিক্ষানুষ্ঠানতে একে শিক্ষা প্রদান কৰি সহকর্মীৰে একাংশই শিক্ষকৰ স্বীকৃতি পোৱাৰ বিপৰীতে আন একাংশক টিউটৰৰূপে গণ্য কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি বুলি টিউটৰসকলে তীব্র আপত্তি দর্শাই আহিছে।
শিক্ষকৰ স্বীকৃতি লাভ কৰাৰ বাবে টে’ট পৰীক্ষাত অৱৰ্তীণ হোৱাৰো দুৰ্ঘোৰ বিৰোধিতা কৰি আহিছে টিউটৰসকলে। কাৰণ তাৰে বহুতৰ চাকৰিৰ পৰা অৱসৰ লাভৰো বয়স হোৱাৰ উপক্রম ঘটিছে। কিন্তু এই সকলো আপত্তি-বিৰোধ- প্রতিবাদক নস্যাৎ কৰি কালি শিক্ষা বিভাগে পুনৰবাৰে নিজৰ স্থিতি স্পষ্ট কৰে।
মন্ত্রী ডাঃ পেগুৱে কয়, ‘তেওঁলোকৰ টে’ট নাই, ডিএলইডি নাই। গতিকে শিক্ষক বুলি স্বীকৃতি দিব পৰা নাযাব। শিক্ষা বিভাগে অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ কৰাৰ সময়ত শিক্ষাৰ আইন অনুসৰি যিসকল শিক্ষকৰ অৰ্হতা বিচাৰি নাপালে তেওঁলোকক টিউটৰ হিচাপে স্বীকৃতি দিয়ে। তেওঁলোকৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থাও গ্রহণ কৰিছে।সেইবুলি তেওঁলোকক নিয়মীয়া শিক্ষক কৰিব পৰা নাযাব। কাৰণ আইন অনুসৰি তেওলোক শিক্ষক পদৰ বাবে অৰ্হতাসম্পন্ন নহয়।’































