NepalRescue : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্ৰৱল বানত উটি অহা শিল আৰু বোকাই দুই মুখ পুতি পেলোৱা নেপালৰ ত্রিশূলী-৩এ জলবিদ্যুৎ কেন্দ্ৰৰ সুৰংগৰ পৰা জীৱন্তে দুজনকৈ কর্মীক উদ্ধাৰৰ সিংহভাগ কৃতিত্ব দাবী কৰিব পাৰে অষ্ট্ৰেলিয়াৰ এজন অভিযন্তাই। আর্ণল্ড ডিক্স নামৰ এই অভিযন্তাজন নেপালত শেহতীয়া জলপ্রলয়ত ধ্বংস হোৱা বিভিন্ন জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগসমূহত আবদ্ধ ন শতাধিক শ্রমিক কৰ্মচাৰীৰ উদ্ধাৰ অভিযানত নিয়োজিত আছে।
বোকা আৰু শিলে পুতি পেলোৱা এই সুৰংগবোৰৰ মুখ কেনেদৰে খান্দি ভিতৰলৈ পথ উলিয়াব লাগে তাৰ কৌশল ডিক্সে নেপালী সেনাক শিকায়। তেওঁ শিকোৱা কৌশল অনুসৰিয়ে ত্রিশূলী৩এ জলবিদ্যুৎ কেন্দ্ৰৰ পোত গৈ থকা সুৰংগৰ পথ খান্দি নেপালী সেনাই দুজনকৈ শ্রমিক-কর্মচাৰীক জীৱন্তে উদ্ধাৰ কৰিছে।
ইয়াৰ পাছতে এই উদ্ধাৰ অভিযানৰ অভিজ্ঞতা সম্পর্কত অভিযন্তাজনে কয়, ‘এয়া তৰপৰ পাছত তৰপৰ বিস্ময়! এনে উদ্ধাৰ অভিযানত আগতে কেতিয়াও অংশ লোৱা নাছিলো। পূর্বে পাহাৰত অৱস্থিত এটা সুৰংগৰ পথ এতিয়া মাটিৰ তলত পোত গৈ আছে। গতিকে আপোনালোকে বুজি পাইছে যে পৰিস্থিতি কিমান প্রত্যাহ্বানজনক। বৰফ খহি পৰাৰ ফলত সুৰংগটোৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে পোত গ’ল।’
উল্লেখ্য যে ডিক্স হৈছে সুৰংগৰ তৈয়াৰকৰণ আৰু ভূগর্ভস্থ ক্ষেত্ৰৰ আন্তর্জাতিক সংস্থাৰ সভাপতি। নেপালত জলপ্রলয়ত পোত যোৱা সুৰংগসমূহত উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত তেওঁ অভিযান্ত্রিক কৌশল, পুৰণি ভূচিত্ৰাৱলী, সংশ্লিষ্ট অঞ্চলৰ উপগ্ৰহীয় ফটো, হেলিকপ্টাৰৰ পৰা তোলা ভিডিঅ’ ফুটেজ আদি ব্যৱহাৰ কৰিছে।
এইসমূহ অধ্যয়নৰ জৰিয়তে তেওঁ নেপালী সেনাক যাৱতীয় পৰামৰ্শ আগবঢ়াই আহিছে। আনহাতে, আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ উদ্দেশ্যে সুৰংগৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত উদ্ধাৰকাৰীৰ সম্মুখত আন এক প্রত্যাহ্বানে দেখা দিয়ে। সেয়া হ’ল সুৰংগৰ আন্ধাৰত জীবিতজনক বিচাৰি পোৱাটো অত্যন্ত কঠিন আছিল।
এই সম্পর্কত ডিক্সে কয়, ‘তেওঁলোক (জীৱন্তে উদ্ধাৰ কৰাৰ দুই শ্রমিক-কর্মচাৰী) সুৰংগৰ ভিতৰতে আছে বুলি আমি জানিছিলো। কিন্তু তেওঁলোক প্ৰকৃততে সুৰংগৰ কোন স্থানত আছিল আমি জনা নাছিলো। গতিকে আমি অনুমানতে সঠিক দিশত খনন কৰিবলগীয়া হৈছিল।’
আনহাতে নেপালী সেনাই কেনেদৰে এই সফল উদ্ধাৰ অভিযান চলালে সেই সম্পৰ্কত উচ্চস্তৰীয় চৰকাৰী সূত্রই জনায় যে ড্র’নত থাৰ্মেল কেমেৰা সংলগ্ন কৰি সুৰংগটোত আবদ্ধ শ্রমিকসকলৰ চিহ্নিত কৰা হয়। বর্তমানেও সুৰংগটোত আবদ্ধ হৈ থকা শ্রমিকসকলকো এই পদ্ধতিৰে উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে নেপালী সেনাই।
আনসমূহ সুৰংগত আবদ্ধ শ্রমিকসকলকো উদ্ধাৰৰ ক্ষেত্ৰত একেটা কৌশল প্রয়োগ কৰা হৈছে। এই সম্পর্কত নেপালী সেনাৰ ব্রিগেডিয়াৰ জেনেৰেল উজ্জ্বল ৰাণাই কয়, ‘সুৰংগবোৰ মাটিত পোত খাই আছে। দুই-তিনিদিনৰ ভিতৰতে সকলো সুৰংগ খালী কৰা সম্ভৱ নহয়।
আনকি এই কার্য সম্পূৰ্ণৰূপে শেষ কৰিবলৈ তিনি-চাৰি মাহ সময়ৰ প্ৰয়োজন হ’ব পাৰে।’ গতিকে বর্তমানেও সুৰংগসমূহত আবদ্ধ হৈ থকা জলবিদ্যুৎ প্রকল্পসমূহত ন শতাধিক শ্রমিক-কর্মচাৰীৰ জীৱনক লৈ গভীৰ সংশয় বৰ্তি আছে।






























