দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্ব ফুটবলৰ সর্ববৃহৎ মহোৎসৱ ফিফা বিশ্বকাপৰ দৰে বিশ্বমানৰ ক্ৰীড়া আয়োজনৰ স’তে জড়িত হৈ নিজৰ দক্ষতা আৰু কৰ্মনিষ্ঠাৰে অসম তথা সমগ্র দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ জীয়ৰী পিজা ভৰালীয়ে। আমেৰিকাত সদ্য অনুষ্ঠিত বিশ্বকাপত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ পাছত শেহতীয়াকৈ নিজ গৃহভূমি ডিব্ৰুগড়ত উপস্থিত হোৱা পিজাই কালি বিশ্বমঞ্চত লাভ কৰা বিশেষ অভিজ্ঞতা সাংবাদিকসকলৰ স’তে ভাগ-বতৰা কৰে।
এক সৌহার্দপূর্ণ মত-বিনিময় অনুষ্ঠানত পিজাই ফিফা বিশ্বকাপৰ স’তে জড়িত হৈ লাভ কৰা অভিজ্ঞতাৰ লগতে নিজৰ ক্ৰীড়া আৰু কৰ্মজীৱনৰ যাত্ৰাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
ফিফা বিশ্বকাপৰ মায়ামি ষ্টেডিয়ামত ‘ফেন অপাৰেছনছ’ আৰু ভিআইপি ক্লাব লেভেল ছুপাৰভিজনৰ দায়িত্ব পালন কৰা পিজাই কয় যে এনে এক আন্তঃৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱৰ অংশীদাৰ হ’বলৈ পোৱাটো তেওঁৰ জীৱনৰ এক অদ্বিতীয় অভিজ্ঞতা।
ফর্মূলা-বান মায়ামি আৰু নেস্কাৰ চিকাগোৰ বিপণন বিভাগত পূৰ্বৰে পৰা কৰ্মৰত পিজাক ফর্মূলা-বানত আগবঢ়োৱা সফল কর্মদক্ষতাৰ ভিত্তিত ফিফাৰ আয়োজক সমিতিয়ে আমন্ত্রণ জনাইছিল। বিশ্বকাপৰ মায়ামি ষ্টেডিয়ামত অনুষ্ঠিত সাতখন গুৰুত্বপূৰ্ণ মেচত তেওঁ প্রথম পৰ্যায়ৰ পৰা শেষলৈকে বিভিন্ন দায়িত্ব পালন কৰে।
দৰ্শকৰ অভিজ্ঞতা উন্নত কৰা,জৰুৰীকালীন চিকিৎসা সেৱাৰ সমন্বয়, ভিআইপি চ্যুইট পৰিচালনা আৰু বৃহৎ সংখ্যক দর্শকক শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত জড়িত আছিল পিজা। বিভিন্ন দেশৰ চেলিব্রিটী, বিশিষ্ট ব্যক্তি আৰু ৰাজনৈতিক নেতাৰ ভিআইপি মেনেজমেণ্টৰ স’তেও তেওঁ জড়িত আছিল।
হেজাৰ হেজাৰ ক্ৰীড়াপ্রেমীৰ উপস্থিতিৰ মাজত এনে বৃহৎ পৰিসৰৰ অনুষ্ঠান পৰিচালনা কৰাটো প্রত্যাহ্বানজনক হ’লেও অত্যন্ত শিক্ষণীয় অভিজ্ঞতা আছিল বুলি তেওঁ উল্লেখ কৰে। ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ প্ৰাক্তন ছাত্রী পিজা সৰুৰে পৰাই ক্রীড়াৰ প্ৰতি আকৰ্ষিত আছিল।
পৰৱৰ্তী সময়ত বেডমিন্টনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিনিধিত্ব কৰাৰ লগতে তাৰকা বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালৰ স’তে ডাবল্ শিতানত খেলাৰো সুযোগ লাভ কৰিছিল। পাছলৈ ডাক বিভাগত সংস্থাপন লাভকৰিলেও ক্রীড়া ব্যৱস্থাপনাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্রহণৰ সপোনে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ লৈ যায়।
চিকাগোৰ ডি-পল বিশ্ববিদ্যালয়ৰ পৰা স্প’ৰ্টছ মেনেজমেন্টত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ এথলেটিক্ছ বিভাগত এবছৰীয়া ইণ্টাৰ্ণশ্বিপ সম্পন্ন কৰে। সেই অভিজ্ঞতাই পৰৱৰ্তী সময়ত তেওঁৰ বাবে মটৰ স্প’ৰ্টছৰ পৰা আৰম্ভ কৰি ফিফাৰ দৰে বিশ্বমানৰ ক্ৰীড়া প্রতিযোগিতাত কাম কৰাৰ সুযোগ মুকলি কৰে।
সাংবাদিকৰে বাৰ্তালাপত ফিফা বিশ্বকাপত ভাৰতীয় দলৰ অনুপস্থিতিৰ প্রসংগ উত্থাপন হোৱাত পিজা কিছু আৱেগিক হৈ পৰে। বিশ্বৰ বিভিন্ন দেশৰ সমৰ্থকসকলে নিজ নিজ দেশৰ পতাকা লৈ দলক উৎসাহিত কৰা দৃশ্যই তেওঁক গভীৰভাৱে স্পর্শ কৰিছিল বুলি উল্লেখ কৰি পিজাই কয় যে সেই মুহূৰ্তত তেওঁৰ মনলৈ ভাৰতীয় ফুটবল দলৰ কথাই আহিছিল।
‘ভাৰতীয় পুৰুষ আৰু মহিলা ফুটবল দলে ভৱিষ্যতে কোৱালিফাই কৰি ফিফা বিশ্বকাপৰ মূল মঞ্চত প্রতিদ্বন্দ্বিতা কৰা দেখাটোৱেই মোৰ অন্যতম ডাঙৰ সপোন।’ পিজাই এইদৰে কয়। ভাৰতত ক্রীড়াৰ বাবে সঠিক সমর্থন, উন্নত আন্তঃগাঁথনি আৰু প্রয়োজনীয় সুযোগ-সুবিধা নিশ্চিত কৰিব পাৰিলে ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’ হেণ্ডলত তেওঁ লিখিছে, ‘ইছৰ’ৰ মুকুটত নতুন পাখি যুক্ত হ’ল, সেয়া সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূর্ত।’ কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙেও মহাকাশ গৱেষণা সংস্থাটোক শুভেচ্ছা জনাইছে।
খেলুৱৈসকলেও বিশ্বমঞ্চত নিজৰ প্ৰতিভাৰ উজ্জ্বল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে মত প্রকাশ কৰে। একাগ্রতা, কঠোৰ পৰিশ্ৰম আৰু ক্রীড়া ব্যৱস্থাপনাৰ দক্ষতাৰে আমেৰিকাৰ ক্ৰীড়া জগতত স্থান লাভ কৰা পিজাৰ এই সাফল্যই অসমৰ ক্রীড়াপ্রেমী আৰু উদীয়মান প্ৰজন্মৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰিছে।
এই মত-বিনিময়ৰ সময়ত পিজাৰ স’তে তেওঁৰ পিতৃ দীপক কুমাৰ ভৰালী, মাতৃ নিভামণি ভৰালী, মোমায়েক সুজিত প্রসাদ বৰদলৈ আৰু ভ্ৰাতৃ হৰ্ষ বৰদলৈ উপস্থিত থাকে।































