দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আকাশলংঘী মূল্যবৃদ্ধিয়ে দৰিদ্ৰ আৰু নিম্ন আয়ৰ জনতাক কোঙা কৰাৰ সময়তে বিদেশ ভ্ৰমণৰত অৱস্থাৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত বিত্তীয় বৰ্ষৰ প্রথম ত্রিমাসিকত দেশৰ জিডিপি ৭.৮ শতাংশ হ’ল বুলি কৰা ঘোষণাক লৈ বিগত কিছুদিন ধৰি দেশ তোলপাৰ লাগি আছে। প্রধানমন্ত্রী মোদীৰ এই ঘোষণাক পোনছাটেই নাকচ কৰিছে একাংশ খ্যাতনামা অর্থনীতিবিদে।
লক্ষ্যণীয়ভাবে এই অর্থনীতিবিদসকলৰ অন্যতম হৈছে মোদী চৰকাৰৰ পূৰ্বৰ বিত্ত সচিব সুভাষ চন্দ্র গার্গ। গার্গে স্বয়ং প্রধানমন্ত্রীৰ জিডিপি বৃদ্ধিৰ এই দাবীক স্পষ্টভাবে নাকচ কৰি দাবী কৰিছে যে দৰাচলতে সম্প্রতি দেশৰ জিডিপি ২.৬ শতাংশহে প্রাক্তন শীর্ষ চৰকাৰী আমোলাজনৰ এই দাবীয়ে স্বাভাৱিকতে মোদী চৰকাৰক অস্বস্তিত পেলাইছে। তেওঁৰ এই দাবীৰ প্ৰত্যুত্তৰ দিবলৈ নামি পৰিছে মোদী চৰকাৰৰ ৰথী-মহাৰথীসকল। একেদৰে গাৰ্গৰ সমৰ্থনত মন্তব্য কৰিছে একাংশ প্রখ্যাত অর্থনীতিবিদে।
এই অর্থনীতিবিদসকলৰ অন্যতম হ’ল ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন। তদুপৰি বিশিষ্ট অর্থনীতিবিদ তথা পৰিসংখ্যাবিদ প্ৰণৱ সেনেও মন্তব্য কৰিছে যে দেশৰ জিডিপি ৭.৮ শতাংশলৈ বৃদ্ধি পোৱা নাই। মূল্যবৃদ্ধিক বাদ দিলেহে আচল জিডিপি পোৱা যায় বুলিও সেনে মতপোষণ কৰিছে।
উল্লেখ্য যে অলপতে কাজাখস্তান ভ্রমণৰত সময়ত প্রধানমন্ত্রী মোদীয়ে যি জিডিপিৰ তথ্য প্রকাশ কৰিলে সেই জিডিপি হ’ল যোৱা এপ্ৰিলৰ পৰা জুনৰ সময়ছোৱাৰ জিডিপি। প্রতিটো বিত্তীয় বৰ্ষত চাৰিবাৰ জিডিপি তথ্য প্রকাশ কৰা হয়। লক্ষ্যণীয় যে অর্থনীতি বিজ্ঞানত জিডিপি বা মুঠ ঘৰুৱা উৎপাদন চাৰি ধৰণৰ। এইসমূহ হ’ল নামমাত্র জিডিপি, প্রকৃত জিডিপি, জনমূৰি জিডিপি আৰু ক্রয় ক্ষমতাৰ সমতা জিডিপি।
অর্থনীতি বিজ্ঞানৰ মতে কোনো এক নির্দিষ্ট সময়ত দেশৰ ভিতৰত উৎপাদিত প্রয়োজনীয় পণ্য আৰু সেৱাৰ বজাৰমূল্যক জিডিপি বা মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে বিশ্বত নিৰ্ধাৰিত হয় একোখন দেশৰ আৰ্থিক শক্তি। সেই অনুসৰি একোখন দেশৰ চৰকাৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জিডিপিৰ তথ্য প্ৰকাশ কৰি আহিছে।
এক নির্দিষ্ট সূত্র অনুসৰি জিডিপি নিৰ্ধাৰণ কৰা হয়। ধৰা হওক এটা বিত্তীয় বৰ্ষত দেশৰ সাধাৰণ জনতাৰ মুঠ খৰচৰ পৰিমাণ হ’ল পাঁচ হেজাৰ কোটি টকা। সংশ্লিষ্ট বিত্তীয় বৰ্ষটোত চৰকাৰী ব্যয়, বেচৰকাৰী বিনিয়োগ, আমদানি আৰু ৰপ্তানি আছিল ক্রমে ১৫শ কোটি, দুহেজাৰ কোটি, দুশ কোটি আৰু সাতশ কোটি টকা ধৰি লৈ এই সকলো যোগ কৰা হয় তেন্তে সেয়াই হ’ব জিডিপি।
টকা অর্থাৎ টকাৰ অংকত ইয়াক ন হেজাৰ ধৰা হ’ব। অৱশ্যে তাকে কৰোতে ৰপ্তানিৰ পৰা আমদানি বিয়োগ কৰিব লাগিব। কাৰণ বিদেশী পণ্য বা সেৱা দেশৰ অভ্যন্তৰত উৎপাদিত নহয়। এই সংশ্লিষ্ট বিত্তীয় বৰ্ষৰ আগৰ বিত্তীয় বৰ্ষৰ জিডিপি আঠ হেজাৰ কোটি টকা হ’ল বৃদ্ধিৰ হাৰ হ’ব ১২.৫ শতাংশ। ইয়াৰ হিচাপ এনেদৰে কৰা হয়:
(৯০০০-৮০০০)/৮০০০) X১০০। উল্লেখ্য যে প্রতিটো বিত্তীয় বৰ্ষৰ প্ৰতি তিনিমাহৰ মূৰে মূৰে চৰকাৰে জিডিপিৰ হাৰ প্রকাশ কৰে। শেহতীয়াভাৱে একাংশই দাবী উত্থাপন কৰিছে যে বিত্তীয় বৰ্ষৰ অন্তত সামগ্রিক আর্থিক বৃদ্ধিৰ তথ্য প্রকাশ কৰা উচিত। এই ক্ষেত্ৰত তাৎপর্যপূর্ণ দিশটো হ’ল যে মুদ্রাস্ফীতি আৰু অন্যান্য বিভিন্ন কাৰণত সামগ্ৰী আৰু সেৱাৰ বজাৰ মূল্য ঊর্ধ্বগামী হৈ থাকে। গতিকে নামমাত্ৰ আৰু প্ৰকৃত এই দুই শ্রেণীত জিডিপিক বিভক্ত কৰি ৰাখিছে অর্থনৈতিক বিশ্লেষকে।
উল্লেখ্য যে যেতিয়া চলিত বজাৰ মূল্যৰ নিৰিখত এখন দেশৰ অভ্যন্তৰত উৎপাদিত পণ্য আৰু সেৱাৰ বজাৰমূল্য নির্ধাৰণ কৰা হয় তেতিয়া তাক নামমাত্র বা নমিনেল জিডিপি বুলি কোৱা হয়। আনহাতে, মূল্যবৃদ্ধি বা মুদ্রাস্ফীতিৰ প্ৰভাৱ বাদ দি দেশৰ পণ্য আৰু সেৱাৰ আৰ্থিক মূল্য নির্ধাৰণ কৰিলে তাক প্রকৃত বা ৰিয়েল জিডিপি বুলি কোৱা হয়।
ভাৰতত কেন্দ্রীয় পৰিসংখ্যা মন্ত্রণালয়ে নামমাত্র আৰু প্ৰকৃত দুয়োটা জিডিপিৰ তথ্যই প্রকাশ কৰে। উদাহৰণস্বৰূপে যদি ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতক ১০ হেজাৰ টকাৰ মূল্যৰ ১০টা ম’বাইল ফোন উৎপাদন হয় তেন্তে বছৰটোত নামমাত্র জিডিপি এক লাখ টকাৰ হ’ব। যদি ২০২৪-২৫ত এই ম’বাইল ফোনসমূহৰ দাম ১২ হেজাৰ টকালৈ বৃদ্ধি পায় আৰু উৎপাদন অপৰিৱৰ্তিত থাকে তেতিয়া নামমাত্র জিডিপিৰ পৰিমাণ ১.২০ লাখ টকা হ’ব।
ইয়াৰ বিপৰীতে প্ৰপ্রকৃত জিডিপি এক লাখ টকাতে সীমিত হৈ থাকিব। কাৰণ ২০২৩-২৪তো ম’বাইল ফোনৰ উৎপাদন নহ’ল। মোদী চৰকাৰে নামমাত্র জিডিপি গণনা পদ্ধতিৰে গণনা কৰি শেহতীয়াভাৱে জিডিপি বৃদ্ধিৰ তথ্য প্ৰকাশ কৰা বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে। অর্থাৎ বস্তু বা সেৱাৰ মূল্যহে বৃদ্ধি পাইছে, বস্তুৰ উৎপাদন তথা সেৱা বৃদ্ধি পোৱা নাই।
ফলত নিবনুৱা সমস্যা জটিল হৈ উঠাকে ধৰি সৰ্বসাধাৰণক কোঙা কৰা বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে বুলি এনে অর্থনীতিবিদে মন্তব্য কৰিছে। কাৰণ বয়-বস্তুৰ উৎপাদন বৃদ্ধি পালে উদ্যোগ প্রতিষ্ঠানসমূহত নতুন নতুন কর্মচাৰী নিযুক্তি দিব লগা হয়। যিহেতু দেশত সা-সামগ্ৰীৰ উৎপাদনে বৃদ্ধি পোৱা নাই গতিকে প্রত্যাশা অনুসৰি চাকৰিৰ সৃষ্টিও হোৱা নাই বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে।
গতিকে এই জিডিপি বৃদ্ধিয়েও সাধাৰণ জনতাক সকাহ দিয়া নাই বুলি ব্যাপক চৰ্চা হৈছে। ইয়াৰ বিপৰীতে বয়-বস্তুৰ চ’ৰা দামৰ বাবে দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকসকলৰ অৱস্থা অধিক কাহিলহে হৈছে। এই কথাকে আঙুলিয়াইছে প্রাক্তন বিত্ত সচিব গার্গে। এক সাক্ষাৎকাৰত তেওঁ কয়, ‘প্রথম কথাটো হ’ল মূল্যবৃদ্ধিক বাদ দি জিডিপিৰ হাৰ প্ৰকাশ কৰিছে মোদী চৰকাৰে।
দ্বিতীয়তে চলিত বছৰৰ ফেব্ৰুৱাৰীত জিডিপিৰ ভিত্তি বর্ষ ২০১১-১২ৰ পৰা ২০২২-২৩লৈ সলনি কৰা হৈছে। বয়-বস্তুৰ বজাৰ মূল্য বৃদ্ধি পোৱাৰ ফলতহে নামমাত্র জিডিপি বৃদ্ধি পাইছে। আচলতে প্রকৃত জিডিপিৰ হাৰ হ’ল ২.৬ শতাংশহে।’ একে মত পোষণ কৰি ৰিজার্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰাজনেও মন্তব্য কৰিছে যে যদি সঁচাসঁচিকৈ জিডিপি বৃদ্ধি পাইছে তেন্তে চাকৰি বা কর্ম সংস্থাপন ক’ত?
উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে বছৰি দেশত দুই কোটি চাকৰিৰ সৃষ্টি কৰাৰ প্রতিশ্রুতি দিয়ে ২০১৪ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰৰ ক্ষমতালৈ আহিছিল।






























