BiggBoss2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অহা ছয় ছেপ্টেম্বৰৰ পৰা ছলমান খানৰ জনপ্রিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ আৰম্ভ হ’ব। ২০ সংখ্যক বাৰৰ বাবে আৰম্ভ হ’ব লগা এই ৰিয়েলিটি শ্ব’ত অংশ ল’ব লগা প্রতিযোগীসকলক লৈ ইতিমধ্যে চর্চা তুংগত উঠিছে।
চৰ্চা অনুসৰি সৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি ৰিয়েলিটি শ্ব’ৰ পৰিচিত মুখ, সামাজিক মাধ্যমৰ জনপ্রিয় ব্যক্তি, গায়ক আৰু ক্রীড়া জগতৰ একাংশই এইবাৰৰ ‘বিগ বছ’ত ভুমুকি মাৰিব। ইতিমধ্যে ‘বিগ বছ’ বাংলা আৰম্ভ হৈছে।
চৰ্চা হোৱা অনুসৰি ‘হিন্দী বিগ বছ ২০’ত এনটিভি স্পিটছভিলা এক্স৬ৰ বিজয়ী কুশল তনোৱাৰ (গুল্লু) কো এইবাৰ ‘বিগ বছ’ত দেখা যাব পাৰে। একেদৰে গায়ক আৰু সামাজিক মাধ্যমৰ পৰিচিত মুখ কাজী তৌকিৰেও এইবাৰ ‘বিগ বছ’ত ভুমুকি মৰাৰ সম্ভাৱনা আছে।
পূৰ্বৰ দৰে এইবাৰো অভিনেতা ছলমানে সপ্তাহান্তত প্রতিযোগীসকলক শিক্ষা দিবলৈ আহিব। এইবাৰৰ ‘বিগ বছ’ত অৰিস্ফা খানকো দেখা যাব পাৰে। শিশু শিল্পীৰূপে অভিনয় জীৱন আৰম্ভ কৰা অৰিস্ফা সামাজিক মাধ্যমতো বেছ জনপ্রিয়। তদুপৰি শেহতীয়া নীট ইউজি প্রশ্নকাকত বিৰোধী আন্দোলনৰ জৰিয়তে জনপ্রিয়তা অর্জন কৰা ৰিয়া আহিৰকো ‘বিগ বছ’ৰ এই ছিজনত দেখা যাব পাৰে।
প্ৰতিযোগী তালিকাত উদিতি সিঙৰো নাম আছে বুলি চর্চা হৈছে। অভিনেতা কৰ্ণ ইয়াহিৰ স’তে একালত সম্পর্ক ৰক্ষা কৰাৰ বাবে তেওঁ বহুবাৰ সংবাদ মাধ্যমত চর্চালৈ আহিছিল। বর্তমানেও কৰ্ণ ‘খতৰো কে খিলাড়ী ১৫’তে আছে। তেৱোঁ ‘বিগ বছ ২০’ত ভুমুকি মৰাৰ সম্ভাৱনা আছে।
উদিতি আৰু কৰ্ণক একেলগে চাবলৈ বহু দর্শক আগ্রহীও হৈ আছে। এইবাৰৰ ‘বিগ বছ’ত অভিনেত্রী ৰিয়া চক্ৰৱৰ্তীৰ ভ্রাতৃ সৌভিক চক্ৰৱৰ্তীকো দেখা যাব পাৰে। একেদৰে ‘বড়ি বহু’ খ্যাত অভিনেত্রী কণিকা মানেও এইবাৰৰ ‘বিগ বছ’ত ভুমুকি মাৰিব পাৰে। ‘বিগ বছ’ৰ এইবাৰৰ অন্যতম আকর্ষণ হ’ল জনপ্রিয় অভিনেতা আমিৰ খানৰ ভ্ৰাতৃ ফয়জল খান। দুমাহ পূর্বে তেওঁ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে।
পুৰণি মত পাৰ্থক্য পাহৰি তেওঁ ‘বিগ বছ’ত ভুমুকি মৰাৰ যোজা চলাইছে বুলি ব্যাপক চর্চা হৈছে। তদুপৰি ‘বিগ বছ’ৰ এই ছিজনত মাহী ভিজকেও ভুমুকি মাৰিব পাৰে। দীর্ঘদিন ধৰি তেওঁ সৰু পৰ্দাৰ পৰিচিত মুখ হৈ আছে। শেহতীয়াভাৱে তেওঁ জয় ভানুশালীৰ স’তে ১৪ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলাইছে।
একালত জয়ো ‘বিগ বছ’ৰ প্রতিযোগী আছিল। একেদৰে এইবাৰ ‘বিগ বছ’ত ভুমুকি মাৰিব পাৰে গীতা বছৰায়ো। এইবাৰৰ ‘বিগ বছ’ৰ সম্ভাব্য প্রতিযোগীসকলৰ তালিকাত সবাতোকৈ চমক সৃষ্টি কৰা প্রতিযোগীগৰাকীৰ নাম হ’ল অলিম্পিক পদক বিজয়ী বক্সাৰ মেৰী কম।
গতিকে অহা ছয় ছেপ্টেম্বৰত জিঅ’ হটষ্টাৰ বা কালাছ টিভিত ‘বিগ বছ’ চাবলৈ দর্শকসকল অধীৰ হৈ আছে।































