Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

publisher by publisher
September 6, 2026
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত কার্যকালত মাটিৰ দালালৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযান চলাবলৈ আৰক্ষীক নির্দেশ দি সৃষ্টি কৰা চমক পাছত এইবাৰ আৰক্ষী থানাকেন্দ্ৰিক ঠগ-প্ৰৱঞ্চকক আটক কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

ADVERTISEMENT

সেই অনুসৰি প্রায় সমগ্ৰ ৰাজ্যৰ আৰক্ষীও সক্ৰিয় হৈছে; অথচ অতদিনে এই ঠগ -প্রবঞ্চকসকলৰ ক্ষেত্ৰত আৰক্ষী নিষ্ক্রিয় হৈ থকা বুলি ৰাইজৰ মাজত চর্চা হৈছে। অসম আৰক্ষীয়ে কালি পুৱতি নিশাৰ পৰা আৰম্ভ কৰা আকস্মিক অভিযানৰ জৰিয়তে কমেও ৩৩০ জন ঠগ প্ৰৱঞ্চকক আটক কৰে। কেৱল শদিয়া আৰু মাজুলীক বাদ দি সকলো জিলাতে চলোৱা এই অভিযানত লক্ষ্যণীয়ভাৱে কৰায়ত্ত হয় শাসকীয় দল বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কর্মীও।

আনহাতে, এই অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিত সিঙে। উল্লেখ্য যে শেহতীয়াকৈ দেৰগাঁৱত অনুষ্ঠিত আৰক্ষী সম্মিলনত ঠগ-প্ৰৱঞ্চকৰ বিষয়টো আলোচিত হয় আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এনে কার্যত জড়িত সকলক তৎকালে কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নির্দেশ অনুসৰি ২৯খন জিলাৰ আৰক্ষীয়ে ইতিপূর্বে চিনাক্ত কৰা প্ৰৱঞ্চকৰ দলৰ বিৰুদ্ধে কালি পুৱতি নিশাৰ পৰা অভিযান আৰম্ভ কৰে। একপ্ৰকাৰ শোৱাপাটিৰ পৰা অধিকাংশ প্ৰৱঞ্চকক স্থানীয় আৰক্ষীয়ে আটক কৰে।

সঞ্চালকপ্রধান সিঙে সদৰী কৰে যে সর্বাধিক লোক আটক কৰা হয় কাছাৰ জিলাত। সিঙে লগতে কয়, ‘ডিজিটেল বিশ্লেষণৰ জৰিয়তে এই মানুহবোৰক আমি ধৰিছো। ঠগ, প্ৰৱঞ্চনামূলক কার্যত এই মানুহবোৰৰ ডিজিটেল সংযোগ আমি পাইছো। এতিয়া সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল হ’ব।

এইসকল এনেকুৱা ঠগ আৰু প্ৰৱঞ্চক যে কোনো ঘটনাৰ বলি হোৱা লোক আৰু তেনে ঘটনাৰ অভিযুক্ত, এই দুয়োটা পক্ষৰ পৰাই লাভ আদায় কৰি থাকে। এইবোৰ মানুহৰ বাবে সাধাৰণ মানুহে হাৰাশাস্তি খাবলগীয়া হৈছে। এই সকলে নিজকে আৰক্ষীৰ কোনো ডাঙৰ বিষয়াৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়ে, আনকি নিজকো কেতিয়াবা আৰক্ষী বুলি পৰিচয় দিয়ে। থানালৈও মানুহ অহাত বাধা দিয়ে। তাৰ পৰিৱৰ্তে নিজে সকলো কম কৰি দিয়াৰ দায়িত্ব লয়। আনকি বহু সময়ত সাধাৰণ মানুহক বিভিন্ন ধৰণে ভীতিগ্রস্তও কৰে।’

সঞ্চালক প্রধানজনে এইবুলিও সদৰী কৰে যে এইসকল প্ৰৱঞ্চকে সাধাৰণ মানুহক বহু সময়ত থানালৈ যোৱাত বাধা প্রদান কৰে। তাৰ পৰিৱৰ্তে নানান মিছা কথাৰে থানাৰ কামবোৰ নিজে কৰি দিয়াৰ দায়িত্ব লয়। তাৰ বাবদ ধন আদায় কৰে। যদি কোনো লোকে তেনে প্রস্তাৱত সম্মত নহয়, তেতিয়া ভাবুকি পর্যন্ত দিয়ে। সঞ্চালকপ্রধান সিঙে লগতে উল্লেখ কৰে যে একাংশ প্ৰৱঞ্চকে আকৌ অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা এই ধৰণৰ প্ৰৱঞ্চনাত লিপ্ত হৈ আছে। হায়দৰাবাদ আৰু বাংগালুৰুত তেনে আঠ-১০ জনমান প্ৰৱঞ্চক থকা বুলি তেওঁ কয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে থানাবোৰত থকা দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই কে’বাশ তেনে লোকক আটক কৰিছিল। অৱশ্যে সেই অভিযানৰ পাছতো বহু থানাত দালালৰ পয়োভৰ হ্ৰাস হোৱা নাই। ইয়াৰ পাছত আজি থানাক কেন্দ্ৰ কৰি চলি থকা ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলোৱা হয়।

শোণিতপুৰত ১১ প্ৰৱঞ্চক আটক

তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰে জনোৱা মতে, শুকুৰবাৰে নিশাৰে পৰা বাতৰি লিখা পর্যন্ত শোণিতপুৰ আৰক্ষীয়ে ১১ জন থানাকেন্দ্রিক প্ৰৱঞ্চকক আটক কৰিছে। ইয়াৰে আঠজনক ঢেকিয়াজুলিৰ পৰা আৰু তিনিজনক তেজপুৰৰ পৰা আটক কৰা হৈছে বুলি সূত্রই জনায়। আটকাধীনসকলৰ মাজত তেজপুৰৰ কছাৰীপামৰ নজৰুল হক, ভোজখোৱাৰ খলিলুৰ ৰহমান আৰু গোটলুঙৰ শেখ আব্দুল্লা আছে বুলি সূত্রই সদৰী কৰিছে।

নগাঁৱত বিভিন্ন আৰক্ষীৰ থানাৰ জালত ১১ জন

নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নগাঁও জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা ১১ জন দালাল প্ৰৱঞ্চকক আটক কৰিছে। উল্লেখ্য যে জিলাখনত দীর্ঘদিন ধৰি একাংশ লোকে মাটি-বাৰী কিনাৰ নামত দালালি, মটৰ দুৰ্ঘটনাৰ নামত আৰু বেংকৰ ঋণ দিয়াৰ নামত দালালি- প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে অৱস্থাতে মুখ্যমন্ত্ৰীয়ে জাৰি কৰা নিৰ্দেশৰ ভিত্তিত জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে এই ১১ জনক আটক কৰিছে। আটকাধীনসকলৰ অন্যতম হৈছে আবু কালাম, ফখৰুল ইছলাম আৰু আতিকুৰ ৰহমান।

গোসাঁইগাঁৱত সাতজন ধৃত

শ্ৰীৰামপুৰৰ অগ্রদূত বার্তা: গোসাঁইগাঁও আৰক্ষীয়ে যোৱা নিশা দালালি-প্ৰৱঞ্চনাত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে নিশা সাতজন লোকক আটক কৰে। সূত্ৰই জনোৱা মতে, গোসাঁইগাঁও মহকুমাৰ তুলসীবিলৰ পৰা জাহিদুল ইছলাম, শিমুলটাপুৰ পৰা নূৰ আলম শ্বেখ, ছিৰাজুল আকন্দ, হাবিজুল শেখ, শ্ৰীৰামপুৰৰ পৰা ছকল চৰেন, পলাশকান্দি গাঁৱৰ পৰা মাছুদ খান আৰু সাপকাটাৰ পৰা ছোবাহান আলীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে।

ৰূপহীহাটত তিনি দালালক আটক

ৰূপহীহাটৰ অগ্রদূত বাৰ্তা: আৰক্ষীৰ নাম লৈ দালালি কৰি থকাৰ অভিযোগত ৰূপহীহাট আৰক্ষীয়ে শুকুৰবাৰে নিশা তিনিজন লোকক আটক কৰে। ধৃত লোক তিনিজন হ’ল পুঠিখাইতি গাঁৱৰ তজমুল ইছলাম, কাঠপাৰাৰ কুদ্ৰত আলী আৰু ভাটিয়াখালিৰ আব্দুল ছাত্তাৰ।

হোজাই জিলাত ১৬ জনক আটক

যমুনামুখৰ অগ্রদূত বার্তা: দালালি আৰু প্ৰৱঞ্চনাৰে জড়িত থকাৰ অভিযোগত শুকুৰবাৰে নিশা হোজাই আৰক্ষীয়ে ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে আঠজন হ’ল ডবকা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ। আনকেইজনৰ দুজন মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ। আনকেইজনৰ ছজন হোজাই থানা আৰু দুজন লংকা থানাৰ অধীনৰ অঞ্চলৰ। সূত্রই জনোৱা মতে, ডবকা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰা লোককেইজনৰ অন্যতম হ’ল নাহৰগাঁৱৰ মাণিক দাস, সুতাৰগাঁৱৰ পাঁচ নম্বৰ ৱাৰ্ডৰ নেৱাজ উদ্দিন, নাহৰগাঁৱৰ আব্দুল মানিক চৌধুৰী, ডবকা চহৰৰ ১০ নম্বৰ ৱাৰ্ডৰ বিলাল উদ্দিন, মিকিৰপাৰা (বুঢ়ীগাঁও)ৰ ইমৰান উদ্দিন তালুকদাৰ, ডবকাপথাৰৰ আয়ুবৰ ৰহমান, ডবকাৰ লুতফুৰ ৰহমান আৰু নাজিমুদ্দিন চৌধুৰী ওৰফে নজরুল। ইপিনে মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলবাগানৰ এশ্বাদুল আৰু মোৰাঝাৰৰ কাদ্দিৰ বজাৰৰ নজৰুল নামৰ এজন লোককো আৰক্ষীয়ে আটক কৰা বুলি সূত্রই জনায়।

গোলকগঞ্জত প্রকৃত দালালক ৰেহাই দি লাপিলুপাক আটক আৰক্ষীৰ!

তামাৰহাটৰ অগ্রদূত বাৰ্তা: ধুবুৰী জিলাৰ গোলকগঞ্জত প্ৰকৃত ঠগ-প্ৰৱঞ্চকক ৰেহাই দি লাপিলুপা দালালক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশাৰ পৰা আৰক্ষীয়ে অঞ্চলটোৰ পৰা পাঁচজন দালাল-প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে আৰক্ষীয়ে ৰহস্যজনক কাৰণত প্ৰকৃত দালালক ৰেহাই দিছে বুলি স্থানীয় ৰাইজৰ মাজত চৰ্চা হৈছে।

বিশ্বনাথ জিলাত ১১ জনক আটক

বিশ্বনাথৰ অগ্রদূত বাৰ্তা: শুকুৰবাৰে নিশাৰ পৰা বিশ্বনাথ জিলাতো আৰক্ষীয়ে ১১ জন ঠগ-প্ৰৱঞ্চকক আটক কৰিছে। জিলাখনৰ চতিয়া থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এজনক বিশ্বনাথৰ পৰা চাৰিজনক, বিহালীৰ পৰা এজনক, গহপুৰৰ পৰা এজন আৰু জিনজিয়া থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা চাৰিজনক আটক কৰা হয়। আটকাধীনসকল হ’ল ছহিজুল হক (পূব ভিৰগাঁও), আব্দুল মোতালিব (চাৰি নম্বৰ কুমলীয়া, গাঁওৰক্ষী বাহিনীৰ সম্পাদক), আব্দুল হাছান (গুৱালতলী), মজিবুৰ ৰহমান (আমবাৰী), আফাজুদ্দিন (নিজ বাঘমাৰি), আলী আহমেদ (বালিপুখুৰী), মহম্মদ আলী (ব্ৰহ্মপুত্ৰ চাপৰি), বারু মুখার্জী ওৰফে অজয় (পূব জিনজিয়া), বিপুল হুছেইন ওৰফে আব্দুল (থান বিহালী), প্রহ্লাদ দত্ত (গহপুৰ) আৰু তাজুনৰ আলী (চতিয়া)।

দৰং জিলাৰ চাৰি থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা ১৮ জন আটক

মঙলদৈৰ বিশেষ সংবাদদাতা/দলগাঁৱৰ অগ্রদূত বাৰ্তা: দৰং আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা দালালি-প্ৰৱঞ্চনাত জড়িত থকাৰ অভিযোগত ১৮ জনক আটক কৰিছে। এই আটকাধীন লোকসকল জিলাখনৰ চাৰিখন আৰক্ষী থানাৰ অধীনৰ অঞ্চলৰ। আটকাধীনসকলৰ দুজন মঙলদৈ, তিনিজন ধুলা, এজন খাৰুপেটিয়া আৰক্ষী চকী আৰু ১২ জন দলগাঁও আৰক্ষী থানাৰ অধীনৰ অঞ্চলৰ বুলি সূত্রই জনায়। দলগাঁৱত আটকাধীনসকল হ’ল দিনি ইছলাম, ছমিৰ আলী, ছফিকুল ইছলাম, জাকিৰ হুছেইন, গাজিবুৰ ৰহমান, আলাল উদ্দিন, তহুৰ আলী, গফুৰ আলী, মুজামিল হক, মতলেব আলী, ছাইফুল ইছলাম আৰু চাজম আলী বুলি চিনাক্ত কৰা হৈছে।

বৰপেটাত ২৬ জন ঠগ-প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

বৰপেটাৰ বিশেষ সংবাদদাতা: ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা, বাঘবৰ, কলগাছিয়া, সৰ্থেবাৰী আৰু তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই মুঠ ২৬ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা থানাই নজন, বাঘবৰ থানাই দুজন, কলগাছিয়া থানাই ১১ জন, তাৰাবাৰী থানাই তিনিজন আৰু সৰ্থেবাৰী থানাই এজন প্ৰৱঞ্চকক আটক কৰিছে। বৰপেটা সদৰ আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চককেইজন হৈছে ভেড়াল্দী গাঁৱৰ পাচান আলী, বনিয়াপাৰা গাঁৱৰ জমিৰ আলী, পালহাজী গাঁৱৰ আব্দুল মালেক, ৰহমপুৰ গাঁৱৰ হাছমত আলী, বৰপেটা আজাদ নগৰৰ আফলুজ মজুমদাৰ, গৰেমাৰী গাঁৱৰ আব্দুচ চত্তৰ আহমেদ, মেটুৱাকুছি জনীয়াৰোডৰ নিতুল দাস মঙলদৈৰ ভকেলীমাৰী গাঁৱৰ ৰাজু আলী আৰু নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালাৰ চৰৰ হাইদৰ আলী।

কোকৰাঝাৰ জিলাত ২০ জনক আটক

কোকৰাঝাৰ/ফকিৰাগ্ৰামৰ অগ্রদূত বাৰ্তা: কোকৰাঝাৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি

জিলাখনৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ২০ জন ঠগ-প্ৰৱঞ্চকক আটক কৰা হৈছে। এই আটকাধীনসকলৰ আঠজন কোকৰাঝাৰ থানাৰ অন্তৰ্গত অঞ্চলৰ। বাকীসকলৰ তিনিজন বগৰীবাৰী থানা, দুজন ফকিৰাগ্রাম থানা আৰু সাতজন গোসাঁইগাঁও থানাৰ অধীনৰ অঞ্চলৰ।

টীয়কত এজনক আটক

টীয়ক আৰক্ষীয়ে সৌমাৰ জ্যোতি গগৈ নামৰ এজন কুখ্যাত প্ৰৱঞ্চকক আটক কৰিছে। সৌমাৰক আৰক্ষীয়ে চেলেংহাটৰ লেফেৰাগাঁৱৰ পৰা আটক কৰা বুলি সূত্রই জনায়। তেওঁৰ বিৰুদ্ধে কৃষি বিভাগৰ ট্রেক্টৰ দিয়াৰ নামত কৃষকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কামৰূপ জিলাৰ পৰা ২২ জনক আটক

নগৰবেৰা/সোণতলীৰ অগ্রদূত বাৰ্তা: কামৰূপৰ আৰক্ষীয়ে ঠগ-প্ৰৱঞ্চনাত জড়িত থকাৰ অভিযোগত ৩২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৩ জন হ’ল নগৰবেৰাৰ। এই আটকাধীনসকল হ’ল নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াৰ জাকিৰ হুছেইন (৫৬), জালাল উদ্দিন (৪৬), জামলাইৰ হবিবৰ ৰহমান (৩৭), মোজাম্মিল হক (৩০), বাক্কাৰ হুছেইন (৪৬), আব্দুল কাদেৰ, নাইটৰ-বিদ্যানগৰৰ আলী হুছেইন (৫৯), দুই নম্বৰ পলাহৰটাৰীৰ আচৰ উদ্দিন (৪৬), এক নম্বৰ টুপামাৰীৰ আব্দুৰ ৰৌফ (৫৪), নাইটৰৰ মানিক আলী আহমেদ, আব্দুল লতিফ মণ্ডল, কল্যাণপুৰৰ আব্বাছ আলী আৰু জেহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে। ছমৰীয়া আৰক্ষী চকী অঞ্চলৰ তামুলদি পথাৰৰ আবু তালেব, সোণতলী আৰক্ষী চকী অঞ্চলৰ পৰা হালিম উদ্দিন, তমেজ উদ্দিন, ছাবেদ আলী, ৰহমান আলী আৰু মন্দিৰা আৰক্ষী চকী অঞ্চলৰ পৰা আকবৰ আলী, আব্দুল মালেক, মফিজুল ইছলাম আৰু আনিচুৰ আলী নামৰ দালাল চাৰিজনক আটক কৰিবলৈ সমৰ্থ হয়।

ভূৰাগাঁৱত আঠজনক আটক

ভূৰাগাঁৱৰ অগ্রদূত বাৰ্তা: শুকুৰবাৰে নিশাৰ পৰা এই পর্যন্ত ভূৰাগাঁও আৰক্ষীয়ে ঠগ-প্ৰৱঞ্চনাত জড়িত থকাৰ অভিযোগত সাতজন লোকক আটক কৰিছে। ইয়াৰে চাৰিজন হ’ল জামাল উদ্দিন, আব্দুৰ বাৰেক, এমদাদুল ইছলাম আৰু মমিনুল হক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #BreakingNews #LatestNews #AssamPolice #CrimeNews #PoliceAction #Fraud #Fraudsters #PoliceRaid #NewsUpdate #StatewideCrackdown #DainikAgradoot #CrimeNewsAssam #AssamUpdates
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d