TeaWorkers : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :শাৰদীয় দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে ৰাজ্যৰ চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ আদায় দিয়াৰ দাবী উত্থাপন কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই।
উল্লেখযোগ্য যে, ৰাজ্যখনৰ প্ৰায় সাত লাখ চাহ শ্ৰমিক বৰ্তমান বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকাৰ লগতে তেওঁলোকৰ বহু সা-সুবিধা কাঢ়ি লোৱাৰো অভিযোগ উত্থাপিত হৈছে।
এনে পৰিস্থিতিত ২০২৫-২৬ বৰ্ষৰ শাৰদীয় দুৰ্গাপূজাৰ ২০ দিন পূৰ্বেই চাহ শ্ৰমিকসকলক বোনাচ আদায় দিয়াৰ দাবী জনাইছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই। সংগঠনটোৱে এই বোনাচ ২০ শতাংশকৈ প্ৰদান কৰিব লাগিব বুলিও দাবী জনাইছে।
চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি নকৰাৰ লগতে তেওঁলোকে পূৰ্বে লাভ কৰি অহা চিকিৎসা, বাগিচা তথা ঘৰৰ ছাল মেৰামতিকে ধৰি বিভিন্ন সা-সুবিধাৰ পৰাও বৰ্তমান বঞ্চিত হোৱা বুলি অভিযোগ কৰিছে সংগঠনটোৱে।
শ্ৰমিক নেতা ৰয়েল চৰেঙে কয় যে, বৰ্তমান প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত চাহ শ্ৰমিকসকলে লাভ কৰা সামান্য মজুৰিৰে অতি কষ্টকৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এনে অৱস্থাত দুৰ্গাপূজাৰ সময়ত লাভ কৰা বোনাচেই শ্ৰমিকসকলৰ বাবে একমাত্ৰ সকাহৰ বিষয়।
সেয়েহে দুৰ্গোৎসৱৰ ২০ দিন পূৰ্বেই চাহ শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য ২০ শতাংশ বোনাচ আদায় দিয়াৰ দাবী জনাইছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই।
সংগঠনটোৰ নেতা ৰয়েল চৰেঙে কয় যে, ৰাজ্য চৰকাৰ আৰু চাহ বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলৰ এই প্ৰাপ্য বোনাচ আদায়ৰ ব্যৱস্থা কৰিব লাগে।































