Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জুবিনবিহীন এটা বছৰ। এটা বছৰ যেন অসমবাসীৰ বাবে কেৱল সময়ৰ হিচাপ নহয়, বৰং বেদনা, শূন্যতা আৰু সোঁৱৰণীৰে পাৰ কৰা এক দীঘলীয়া সময়। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত আকৌ এবাৰ জুবিনৰ স্মৃতিয়ে আৱৰি ধৰিছে অসম।
২০ তাৰিখে অনুষ্ঠান কৰি ২১ তাৰিখে অসমলৈ উভতি অহাৰ কথা আছিল জুবিন গাৰ্গৰ। অসমলৈ উভতি আহিয়েই বহু কাম কৰাৰ কথা আছিল তেওঁৰ। কিন্তু কোনে জানিছিল, সেই উভতি অহা আৰু কেতিয়াও নহ’ব! প্ৰাণৰ শিল্পীগৰাকী অসমলৈ আৰু কেতিয়াও সুশৰীৰে ঘূৰি নাহিল।
‘সাগৰ তলিত শুবৰে মন’—এই গীতৰ মাজেৰেই যেন অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে শুই পৰিল জুবিন গাৰ্গ। তেওঁৰ কণ্ঠত বাজি থকা আন এক প্ৰিয় গীতৰ শাৰী—‘নিজানৰ গান মোৰ শেষ হ’ব, ভাবোঁ তোমাৰ বুকুত’—আজিও অনুৰাগীৰ মনত সজীৱ।
জুবিন দাৰ প্ৰিয় গীতটি গাই বিমানবন্দৰতে কান্দোনত ভাঙি পৰিছিল অগণন অনুৰাগী। সেই কান্দোন যেন আছিল লাখ লাখ অনুৰাগীৰ বুকুত জমা হৈ থকা বেদনাৰেই প্ৰতিচ্ছবি।
‘মৃত্যু এতিয়া সহজ’—হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই, এই কথাটো যেন আজিও মানি ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে। লাখ লাখ গুণমুগ্ধই এনেকৈয়ে আৱৰি ধৰিছিল প্ৰাণৰ শিল্পীগৰাকীক।
জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখা গৈছিল অনুৰাগীৰ এনে অভূতপূৰ্ব সমাগম। লিমকা বুক অফ ৰেকৰ্ডছে ঘোষণা কৰিছিল যে জুবিন গাৰ্গৰ ক্ষেত্ৰত অনুষ্ঠিত শৱযাত্ৰা পৃথিৱীৰ চতুৰ্থ সৰ্ববৃহৎ শৱযাত্ৰা।
এবছৰ পাৰ হ’ল। সময় আগুৱাই গ’ল, কিন্তু জুবিনৰ সোঁৱৰণী যেন আজিও একেই সজীৱ। অসমবাসীৰ মনত প্ৰাণৰ শিল্পীগৰাকী আজিও জীয়াই আছে তেওঁৰ গান, সুৰ আৰু অমলিন স্মৃতিৰ মাজেৰে।






























