Garima Saikia Garg:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গুণ, কাম, আদর্শ নতুন প্ৰজন্মই অনুধাৱন কৰাটো কামনা কৰিছে তেওঁৰ পত্নী গৰিমা শইকীয়া গার্গে। অহা ১৯ ছেপ্টেম্বৰত জুবিনৰ প্ৰথম মৃত্যুবার্ষিকীৰ প্রাকক্ষণত ‘দৈনিক অগ্রদূত’ৰ আগত গৰিমাই কয়, ‘আমি সকলোৱে জুবিনক পাইছো। আমি জুবিনৰ প্ৰজন্মৰ। গতিকে আমি তেওঁক যেনেকৈ হওক বুজিব পাৰিছো। ওচৰৰ পৰা পাইছো তেওঁক। তেওঁৰ আদর্শ-বিশ্বাস আদিক কঢ়িয়াই লৈ যাবলৈ আমাৰ বাবে কিছু সহজ। কিন্তু ভৱিষ্যৎ প্রজন্মৰ কাৰণে জুবিনদাৰ গুণ, আচলতে তেওঁৰ আদর্শ কি আছিল, তেওঁৰ জীৱন ধাৰণৰ আদৰ্শ কি সেই সকলো আগবঢ়াই নিবলৈ হ’লে আমাৰ এটা ডাঙৰ দায়িত্ব আৰু কৰ্তব্য আছে। সেয়া হ’ল আমি এইসমূহ নতুন প্ৰজন্মৰ আগত শুদ্ধভাবে দাঙি ধৰিব লাগিব।’
এই প্রসংগত শিল্পী-পত্নীয়ে লগতে কয়, ‘আমি যদি জুবিনদাৰ কাম, তেওঁৰ চিন্তা-চৰ্চা আৰু গুণ শুদ্ধ ৰূপত কঢ়িয়াই লৈ যাব পাৰো, তেতিয়া নতুন প্রজন্মই সেইখিনি পিছৰ প্ৰজন্মলৈ কঢ়িয়াই লৈ যাব পাৰিব। এইদৰেই আমি তেওঁৰ দৰ্শন, তেওঁৰ চিন্তা-চৰ্চা জীয়াই ৰাখিবলৈ চেষ্ট কৰিব লাগিব। মই বিচাৰো তেওঁৰ কথাবোৰ নতুন প্ৰজন্মই ভালদৰে বুজক, তেওঁক বুজি পাওক। কিন্তু অকল এইটো ক’লেই নহ’ব যে তেওঁ কেৱল এজন ভাল গায়ক। তেওঁ ইমানবোৰ দিশৰ এটা বিশাল সত্তা।
তেওঁৰ সেই সত্তাক ভালদৰে বুজি পাওক, অনুধাৱন কৰক আৰু তাৰ পাছত তেওঁক হৃদয়ত স্থাপন কৰক। তেওঁক ভাল পাওক, তাৰ পাছত তেওঁৰ সেই কথাখিনি তেওঁলোকে কঢ়িয়াই লৈ যাওক।’ নতুন প্রজন্মক লৈ শিল্পীজনৰ দৃষ্টিভংগী সদায়েই ইতিবাচক আৰু অতিশয় আশাবাদী আছিল বুলি উল্লেখ কৰি গৰিমা গার্গে কয়, ‘নতুন প্রজন্মই সেইখিনি কৰিব পাৰিব বুলি মই ভাবো আৰু জুবিনে যিহেতু নতুন প্ৰজন্মৰ পৰা বহুতেই আশা কৰে। নতুন প্রজন্ম আমাৰ ভৱিষ্যৎ গঢ়োতা, তেওঁলোক আমাৰ দেশৰ ভৱিষ্যৎ।
গতিকে তেওঁলোকেই আমাৰ দেশখন, ৰাজ্যখন, গোটেই সমাজখন সুন্দৰকৈ ৰাখিব পাৰিব।’ জুবিনৰ ভেদাভেদহীন সমাজৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি গৰিমাই লগতে কয়, ‘জুবিনে সদায় বিশ্বাস কৰিছিল যে সৃষ্টিৰ পথাৰখনত কোনো ধৰণৰ ভেদভাব নাই। মাত্র মিলা-প্রীতি আৰু একতা আছে। তেনে এখন ক্ষেত্রই, তেনে এখন পৃথিৱীয়ে আমাৰ জীৱনক সুন্দৰ কৰি তুলিব পাৰিব। সকলো কথা ইতিবাচক কৰিব পাৰিব। সেই ইতিবাচক দিশত যুৱ প্রজন্মই নিজকো গঢ় দিয়ক আৰু জুবিনকো তেনেদৰে কঢ়িয়াই লৈ যাওক। মই সেয়াই বিচাৰো।’
ADVERTISEMENT






























