Saraighat New Rail-Cum-Road Bridge In Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:উত্তৰ-পূব সীমান্ত ৰেলৱেই আগিয়াঠুৰী-কামাখ্যা ষ্টেছনৰ মাজত ৰেলপথ দ্বৈতীকৰণসহ দ্বিতীয়খন শৰাইঘাট পথ তথা ৰেল দলং প্রকল্প ৰূপায়ণ কৰি আছে। আজি উত্তৰ-পূব সীমান্ত ৰেলৱেই এক বিবৃতিত কয় যে অসমৰ যাতায়াত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে পৰিগণিত হ’বলগীয়া এই প্রকল্পই ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰেল আৰু পথ সংযোগ অধিক উন্নত কৰাৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ক্ষমতা বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিস্তৃত সংযোগ ব্যৱস্থাৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব। বৰ্তমানৰ শৰাইঘাট সেতুখন ১৯৬২ৰ ছেপ্টেম্বৰত সম্পূৰ্ণ হৈছিল আৰু সেই বছৰৰে ২৩ ছেপ্টেম্বৰত প্ৰথমখন ইঞ্জিনে এই সেতু অতিক্রম কৰিছিল। ছয় দশকৰো অধিক সময় ধৰি এই সেতুখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে সেৱা আগবঢ়াই অহাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে ভূমিকা পালন কৰি আহিছে। অঞ্চলটোত যাত্রীবাহী আৰু মালবাহী পৰিবহণ ক্রমাগতভাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ কৰিড’ৰৰ যাতায়াত ক্ষমতা বৃদ্ধিৰ প্রয়োজনীয়তাও ক্রমাৎ বৃদ্ধি পাইছে।
আগিয়াঠুৰী আৰু কামাখ্যা ষ্টেছনৰ মাজৰ ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ দ্বৈতকৰণ প্ৰকল্পটো ৰেল মন্ত্রালয়ে ২০২৪ত অনুমোদন জনাইছিল। ইয়াৰ পাছত প্রকল্পটোৰ বিস্তৃত পৰিকল্পনা আৰু নিবিদা প্রক্রিয়া গ্ৰহণ কৰা হয়। ভাৰতৰ আগশাৰীৰ অভিযান্ত্ৰিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ অন্যতম তথা বৃহৎ আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা থকা লাছেন এণ্ড টুব্র’ (এল এণ্ড টি) ক প্রকল্পটোৰ ৰূপায়ণৰ দায়িত্ব অর্পণ কৰা হৈছে। নতুন সেতুখন ঘনবসতিপূর্ণ নগৰীয়া পৰিৱেশৰ মাজত নিৰ্মাণ কৰিবলগীয়া হোৱাৰ বাবে প্ৰকল্পটোৱে ভূমি অধিগ্রহণ, বেদখল উচ্ছেদ আৰু বিদ্যমান সেৱা-সুবিধাসমূহ স্থানান্তৰৰ ক্ষেত্ৰত বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাজ্য চৰকাৰ তথা স্থানীয় প্রশাসনৰ সক্রিয় সহযোগিতাত এই প্রত্যাহ্বানসমূহৰ অধিকাংশ ইতিমধ্যে সমাধান কৰা হৈছে। বাকী থকা বিষয়সমূহ সমাধান কৰি ক্রমান্বয়ে নির্মাণ কাৰ্যৰ বাবে কৰ্মক্ষেত্ৰ উপলব্ধ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেই সংশ্লিষ্ট ৰাজ্যিক সংস্থাসমূহৰ স’তে নিৰন্তৰ সমন্বয় সাধন কৰি আছে।
ইফালে, অভিযান্ত্রিক দিশতো প্রকল্পটোরে যথেষ্ট অগ্রগতি লাভ কৰিছে। ভূ-প্রযুক্তিগত অনুসন্ধানৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে গুৰুত্বপূৰ্ণ অভিযান্ত্রিক, ডিজাইন আৰু নিৰ্মাণ অংকন প্ৰস্তুতৰ কামো যথেষ্ট আগবাঢ়িছে। প্রকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল-ডেকাৰ ৰেল-কাম-ৰোড সেতু। তলৰ স্তৰত দুটা ৰেলপথ থাকিব I
আনহাতে, ওপৰৰ ডেকত পদপথসহ তিনিটা লেনযুক্ত পথ থাকিব। ইয়াৰ বিপৰীতে, বৰ্তমানৰ শৰাইঘাট সেতুখনত এটা ৰেলপথ আৰু দুটা লেনযুক্ত পথ আছে। মূল সেতুখন ১২৫ মিটাৰ স্পেন দৈর্ঘ্যৰ ৱেলডেড অপেন ৱেব গাৰ্ডাৰ (ডব্লিউ জি) ছুপাৰষ্ট্ৰাকচাৰৰ স’তে বেল ফাউণ্ডেছনৰ ওপৰত নিৰ্মাণ কৰা হ’ব। মূল সেতুখন দুয়োটা দিশত এপ্র’চ ভায়াডা’ৰ স’তে সংযুক্ত হ’ব।
#NewRailCumRoadBridge #boostconnectivity #acrossbrahmaputra #saraighatbridge #2nd #NFRailway #AssamGovt






























