ShahRukhKhan: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিগত এবছৰত প্রায় ২৫০০ কোটি টকাৰ সম্পত্তি হ্রাস হ’ল বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খানৰ। হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৬ৰ প্ৰতিবেদনৰ তথ্য অনুসৰি শ্বাহৰুখৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ ১০,০০০ কোটি টকা।
২০২৫ৰ এই তালিকাৰ তথ্য অনুসৰি শ্বাহৰুখৰ সম্পত্তিৰ পৰিমাণ আছিল ১২,৪৯০ টকা। অর্থাৎ এবছৰত মহাতাৰকা অভিনেতাজনৰ প্ৰায় ২৫০০ কোটি টকাৰ সম্পত্তি হ্রাস পালে। অৱশ্যে সম্পত্তি হ্রাস পালেও বলিউডৰ সবাতোকৈ ধনাঢ্য অভিনেতা হিচাপে হুৰুণৰ তালিকাত শীর্ষ স্থানত অটুট আছে শ্বাহৰুখ।
হুৰুণৰ তালিকাত ধনী অভিনেতা হিচাপে দ্বিতীয় স্থানত আছে অমিতাভ বচ্চন। তালিকাৰ তথ্য অনুসৰি অমিতাভৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০০০ কোটি টকা। আনহাতে তালিকাৰ তৃতীয় স্থানত থকা ছলমান খানৰ বৰ্তমানৰ সম্প সম্পত্তিৰ পৰিমাণ হৈছে ৩০০০ কোটি টকা।
তালিকাত চতুর্থ স্থান লাভ কৰিলে অভিনেতা হৃত্বিক ৰোছনে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫০০ কোটি টকা।































