SushantSinghRajput : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীর্তিয়ে এক ভিডিঅ’ বার্তাত দাবী কৰা অনুসৰি, তেওঁৰ ভ্রাতৃৰ মৃতদেহৰ ভৰি ভঙা আছিল আৰু চকুত আঘাতৰ চিন আছিল।
শ্বেতাই সদৰী কৰা অনুসৰি যিজন ব্যক্তিয়ে সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল, উক্ত ব্যক্তিৰ জৰিয়তে তেওঁ লাভ কৰা তথ্য অনুসৰি সুশান্তৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল।
ভিডিঅ’ বার্তাত শ্বেতাই এইদৰে ক’লে, ‘আমি অলপতে জানিব পাৰিছিলো যে যিজন ব্যক্তিয়ে মোৰ ভ্রাতৃৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল, তেওঁ জনোৱা অনুসৰি বন্দুক ব্যৱহাৰ কৰা হৈছিল। সুশান্তৰ ভৰি ভঙা আছিল আৰু তেওঁৰ ওপৰত বহুত বল প্রয়োগ কৰা হৈছিল। তেওঁৰ চকুত আঘাত আছিল।’
উল্লেখ্য যে বলিউড অভিনেতা সুশান্তৰ মৃতদেহ ৰহস্যজনক অৱস্থাত ১৪ জুন ২০২০ত মুম্বাইস্থিত বাসগৃহত উদ্ধাৰ হৈছিল। অভিনেতাজনে আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছিল যদিও পৰিয়ালৰ লোকে এই মৃত্যুক ৰহস্যজনক আখ্যা দি তদন্তৰ দাবী জনাইছিল।































