দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উৎসৱৰ বতৰত গ্ৰাহকৰ বাবে পুনৰ আহিছে দুঃসংবাদ। দুদিন পূৰ্বে বাণিজ্যিক গেছৰ দাম বৃদ্ধি পোৱাৰ পাছত এইবাৰ একেলগে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিলে ব্যক্তিগত তেল যোগানকাৰী প্ৰতিষ্ঠান নায়াৰা এনার্জিয়ে।
শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে নতুন দাম। পেট্ৰ’লৰ দাম লিটাৰত পাঁচ টকা আৰু ডিজেলৰ দাম লিটাৰত তিনি টকা বৃদ্ধি কৰা হৈছে। অপৰিশোধিত তেলৰ দাম বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জনোৱা হৈছে।
দেশজুৰি নায়াৰা এনার্জিৰ মুঠ ৭,১০৮টা পেট্ৰ’ল পাম্প আছে। ফলত এই পাম্পসমূহত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলৈ গ্ৰাহকে পূৰ্বতকৈ অধিক ধন ব্যয় কৰিব লাগিব। বৰ্তমান দিল্লীত নায়াৰাৰ পেট্ৰ’লৰ দাম লিটাৰত ১১৮ টকা ৬৩ পইচা আৰু ডিজেলৰ দাম লিটাৰত ১০৩ টকা। অৱশ্যে ভেটৰ দৰে স্থানীয় কৰৰ বাবে ৰাজ্যভেদে এই দাম কিছু পৰিমাণে পৃথক হ’ব।
চলিত বছৰত এইবাৰ দ্বিতীয়বাৰৰ বাবে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিলে নায়াৰাই। ইয়াৰ পূৰ্বে জুলাই মাহত অৱশ্যে সামান্য পৰিমাণে দাম হ্ৰাস কৰা হৈছিল।
ইফালে, নায়াৰা এনার্জিৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানে দাম বৃদ্ধি কৰিলেও ৰাষ্ট্ৰীয় মালিকানাধীন ইন্ধন যোগানকাৰী প্ৰতিষ্ঠানসমূহে পেট্ৰ’ল-ডিজেলৰ দাম অপৰিৱৰ্তিত ৰাখিছে। অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্প’ৰেচন (IOC), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (HPCL)-ত ইন্ধনৰ পূৰ্বৰ দামেই অব্যাহত আছে।
দেশৰ অধিকাংশ পেট্ৰ’ল পাম্প এই তিনিটা ৰাষ্ট্ৰীয় মালিকানাধীন প্ৰতিষ্ঠানৰ অধীনত আছে।
ইৰান-আমেৰিকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্ব বজাৰত তেলৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে। নিৰ্বাচনৰ পূৰ্বলৈকে কেন্দ্ৰই ইন্ধনৰ দাম নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু সেই সময়ছোৱাত তেল কোম্পানীসমূহে ব্যাপক লোকচানৰ সন্মুখীন হোৱা বুলি কোৱা হৈছে।
এনে পৰিস্থিতিত তেল কোম্পানীসমূহৰ চাপৰ সন্মুখীন হৈ কেন্দ্ৰই পৰ্যায়ক্রমে পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল।
নায়াৰাইও মাজে-সময়ে অপৰিশোধিত তেলৰ দামৰ স’তে সামঞ্জস্য ৰাখি ঘৰুৱা বজাৰত পেট্ৰ’ল-ডিজেলৰ দাম সলনি কৰি আহিছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম ১০০ ডলাৰৰ ওচৰা-ওচৰি। ইয়াৰ পৰিপ্ৰেক্ষিততে নায়াৰাই দাম বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি কোৱা হৈছে।































