Drishyam3Movie : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অজয় দেৱগন অভিনীত ‘দৃশ্যম-৩’ ছবিখনে শুকুৰবাৰে দেশজুৰি চিত্ৰগৃহত মুক্তি লাভ কৰিলে। ‘দৃশ্যম’ ছিৰিজৰ তৃতীয় আৰু অন্তিম ছবি ‘দৃশ্যম-৩’ৰ টিকটৰ অগ্রিম বুকিঙে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিলে।
তথ্য অনুসৰি ছবিখনৰ মুক্তিৰ পূৰ্বে প্ৰায় চাৰি লাখ টিকট অগ্রিম বিক্রী হৈছিল। শুকুৰবাৰে প্রথম দিনা ‘দৃশ্যম-৩’-এ প্রায় ৫০ কোটি টকাৰ ব্যৱসায় কৰা বুলি চলচ্চিত্র বাণিজ্যিক বিশ্লেষকে জানিবলৈ দিয়ে।
‘দৃশ্যম-৩’ত অজয়ৰ লগতে টাবু, প্রকাশ ৰাজ, জয়দীপ আহলাউৱাত আদিয়ে অভিনয় কৰিছে। অভিনেতা অজয়ৰ কেৰিয়াৰৰ সবাতোকৈ বাণিজ্যিক সফল ছবি হিচাপেও ‘দৃশ্যম-৩’ পৰিচিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে পূর্বে মুক্তি লাভ কৰা ‘দৃশ্যম’ আৰু ‘দৃশ্যম-২’ ছবি দুখনেও বক্স অফিচত ভাল ব্যৱসায় কৰিছিল।































