HumanEvolution: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শুবলৈ বাৰু কোনে বেয়া পায়? ক্লান্তিক দূৰ কৰি সতেজ হৈ উঠাৰ বাবে টোপনিতকৈ ডাঙৰ ঔষধ জানো ক’ৰবাত আছে? অথচ টোপনি কিন্তু সেই কামতে আবদ্ধ হৈ থকা নাই। টোপনিৰ অনেক কাম আছে বুলি বিজ্ঞানীসকলে আগৰে পৰাই কৈ আহিছে।
এইবাৰ এক আশ্চৰ্যকৰ কথা সদৰী কৰিলে বিজ্ঞানী ডেভিদ আৰ ছেমছনে। তেওঁ দাবী কৰিছে যে বান্দৰৰ তুলনাত কম নিদ্ৰা গ্ৰহণ কৰিয়েই এই পৃথিৱীৰ শ্ৰেষ্ঠ প্রাণীত পৰিণত হ’ব পাৰিছে মানৱে।
‘দ্য শ্লিপলেছ এপ: দ্য ষ্ট’ৰী অৱ শ্লিপ ইন হিউমেন ইভ’লিউচন’ নামৰ এখন গ্রন্থ ৰচনা কৰিছে বিৱৰ্তনীয় নৃবিজ্ঞানৰ অধ্যাপক ছেমছনে। কানাডাৰ ট’ৰ’ণ্ট’ মিছিছাগা বিশ্ববিদ্যালয়ৰ ‘শ্লিপ এণ্ড হিউমেন ইভ’লিউচন’ লেবৰ পৰিচালক ছেমছনে গৱেষণা কৰিছে আদিম মানৱৰ পৰা আজিৰ আধুনিক মানুহ হৈ উঠাৰ পথত কিদৰে নিদ্ৰাৰ বিৱৰ্তন ঘটিছিল।
সম্প্রতি এক পডকাষ্টত সাক্ষাৎকাৰ দিবলৈ আহি ছেমছনে কয়, ‘মোৰ গৱেষণাৰ মূল প্রশ্নটোৱেই আছিল, কোন কোন বিষয়ে মানুহক অনন্য কৰি তুলিছে?’ বিজ্ঞানী ছেমছনে উল্লেখ কৰে যে মানুহ নানাভাবেই অনন্য। শৰীৰৰ আকাৰৰ তুলনাত মানুহৰ অস্বাভাৱিক ডাঙৰ মস্তিষ্ক আৰু জটিল সামাজিক সহযোগিতাৰ ওপৰত মানুহৰ নিৰ্ভৰতা।
চোকা নখ বা বিশাল দাঁত নথকা সত্ত্বেও মানুহে বিৱৰ্তনৰ মাধ্যমেৰে এই গ্ৰহৰ প্রধান প্রজাতিত পৰিণত হৈছে। লগতে পৃথিৱীৰ সকলো ধৰণৰ প্ৰাকৃতিক পৰিৱেশ আৰু বাস্তুতন্ত্রত তিষ্ঠি থকা, স্বাভাৱিক হোৱা আৰু সমৃদ্ধি লাভ কৰাৰ সক্ষমতা অর্জন কৰিছে। ইয়াৰ পাছতে ছেমছনে কয়, ‘এই সকলোবোৰ চমৎকাৰ অভিযোজন-ক্ষমতাৰ মূলতে আছে আমাৰ নিদ্রা। এই নিদ্রা অবিহনে ইয়াৰ একোৱেই সম্ভৱ নহ’লহেঁতেন।’
আধুনিক যুগত নিদ্ৰাৰ সমস্যাক লৈও প্রচলিত ধাৰণাৰ বিপৰীতে গৈ ছেমছনে তেওঁৰ গৱেষণাত এক ভিন্ন চিত্ৰ তুলি ধৰিছে। আজিকালি প্রায়েই কোৱা হয় যে আমাৰ মানসিক চাপপূর্ণ চহৰীয়া জীৱন-যাত্ৰাৰ কাৰণে এক প্ৰকাৰৰ ‘নিদ্ৰাৰ মহামাৰী’য়ে দেখা দিছে, য’ত কোনেও পর্যাপ্ত পৰিমাণে শুব পৰা নাই। যদিও ছেমছনে লক্ষ্য কৰিছে যে আধুনিক সমাজত বসবাসকাৰী মানুহ, যিসকলৰ ক্ষেত্ৰত গড়ে সাত ঘণ্টাৰ কম সময় শোৱাটো স্বভাৱিক, তেওঁলোকে আচলতে আদিম চিকাৰী মানুহসকলৰ তুলনাত প্রায় ৪৫ মিনিট বেছি সময়লৈ শোরে।































